নতুন দিল্লী :নতুন বছৰ উপলক্ষে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গ্ৰাহকৰ বাবে বিশেষ ঘোষণা কৰিছে । প্ৰতিষ্ঠানটোৱে 'New Year Sale' আৰম্ভ কৰিছে যাৰ দ্বাৰা ঘৰুৱা যাত্ৰীৰ ভাড়া ১,৫৯৯ টকাৰ পৰাই আৰম্ভ হ'ব । ৫ জানুৱাৰীলৈকে টিকট বুকিং কৰিলে এই সুবিধা লাভ কৰিব । ৮ জানুৱাৰীৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত ভ্ৰমণৰ তাৰিখ হ'ব লাগিব ।
ইফালে এয়াৰলাইনৰ ৱেবছাইট বা ম'বাইল এপৰ জৰিয়তে বুকিং কৰা যাত্ৰীসকলে অতিৰিক্ত ৰেহাই পাব । তাৰ ভিতৰত আছে ১,৪৪৮ টকাৰ পৰা এক্সপ্ৰেছ লাইট ভাড়া । এই ভাড়া 'zero convenience fees'ৰ সৈতে আহে আৰু ইয়াত কোনো অতিৰিক্ত ব্যয় নকৰাকৈ ৩ কিলোগ্ৰাম কেবিন বেগ প্ৰি-বুক কৰাৰ বিকল্প অন্তৰ্ভুক্ত থাকে । চেক-ইন বেগৰ হাৰও হ্ৰাস কৰা হৈছে, ঘৰুৱা ভ্ৰমণৰ বাবে ১৫ কিলোগ্ৰামৰ বেগৰ বাবে ১,০০০ টকা আৰু আন্তৰ্জাতিক ভ্ৰমণৰ বাবে ১০ কিলোগ্ৰামৰ বেগত ১,৩০০ টকা ।
লয়েলটি প্ৰ'গ্ৰামৰ মেম্বাৰসকলে বিজিনেছ-শ্ৰেণীৰ সমতুল্য এক্সপ্ৰেছ বিজ ভাড়া, বৰ্ডিঙত প্ৰাথমিকতা, আসন বাছনি আৰু প্ৰি-অৰ্ডাৰ আহাৰৰ ওপৰত ২৫ শতাংশ ৰেহাই লাভ কৰিব পাৰে । এয়াৰলাইনটোৱে বিজ চিট আপগ্ৰেডৰ ওপৰত ৫০ শতাংশ ৰেহাই ঘোষণা কৰিছে । যিটো ইয়াৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা বোয়িং ৭৩৭-৮ বিমানত উপলব্ধ । এই অফাৰসমূহৰ উপৰিও এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক, স্বাস্থ্যসেৱা পেছাদাৰী, সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ভাড়াত ৰেহাই প্ৰদান কৰি আহিছে ।
এয়াৰ ইণ্ডিয়াই ইন-ফ্লাইট ৱাই-ফাই
ইফালে এয়াৰ ইণ্ডিয়াই ইন-ফ্লাইট ৱাই-ফাই সেৱা আৰম্ভ কৰিছে । যি ঘৰুৱা ভ্ৰমণত ইণ্টাৰনেট সংযোগ আগবঢ়োৱা প্ৰথম ভাৰতীয় বিমান সেৱা হৈ পৰিছে । এই সেৱা বৰ্তমান নিৰ্বাচিত এয়াৰবাছ এ৩৫০, বোয়িং ৭৮৭-৯ আৰু এয়াৰবাছ এ৩২১ নিঅ' বিমানত উপলব্ধ ।