নেশ্যনেল ডেস্ক, 13 মে’:বিধায়কৰ মুখত চৰ শোধালে নাগৰিকে ৷ অপ্ৰীতিকৰ এই ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ টেনালিৰ আইতানগৰত ৷ জানিব পৰা মতে, YSRCP তেনালীৰ বিধায়ক অন্নবাথুনী শিৱ কুমাৰে সোমবাৰে ৰাজ্যখনত অনুষ্ঠিত হৈ থকা লোকসভা নিৰ্বাচনৰ ভোটদানৰ বাবে আইতানগৰৰ নিৰ্দিষ্ট ভোটকেন্দ্ৰটোত উপস্থিত হয় ৷ অৱশ্যে বিধায়কগৰাকীয়ে শাৰী পতাৰ পৰিৱৰ্তে আগবাঢ়ি যাবলৈ চেষ্টা কৰে ৷
শাৰী পতাৰ পৰিৱৰ্তে পোনপটীয়াকৈ ভোট দিবলৈ যাবলৈ ইচ্ছা কৰাৰ বাবে শাৰী পাতি থকা এগৰাকী ভোটাৰে আপত্তি প্ৰকাশ কৰে । এই কথাতে ক্ষুব্ধ হৈ বিধায়ক শিৱকুমাৰে ভোটাৰৰ গালত প্ৰচণ্ড চৰ শোধায় । প্ৰতিক্ৰিয়া স্বৰূপে লগে লগে ভোটাৰজনেও বিধায়কজনৰ গালত এটা পূৰ্ণহতীয়া চৰ শোধায় । ইয়াৰ পাচতে দলীয় কৰ্ম-কৰ্তা তথা বিধায়কগৰাকীৰ সমৰ্থকে ভোটাৰজনক নিৰ্বিচাৰে আক্ৰমণ কৰে । যাৰ ফলত ভোটকেন্দ্ৰটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ’ল । অৱশ্যে ভোটকেন্দ্ৰটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
নিৰ্বাচনী বিষয়াৰ প্ৰতিক্ৰিয়া
টেনালিৰ আইতানগৰত ভোটাৰ-বিধায়কৰ মাজত ঘটা অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয়াসকলে ৷ ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে বিশেষ আৰক্ষী পৰ্যবেক্ষক দীপক মিশ্ৰই । মিশ্ৰই চিচিটিভি কেমেৰাৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিস্থিতি পৰিদৰ্শন কৰি ভোটাৰজনৰ ওপৰত জনপ্ৰতিনিধিৰ আক্ৰমণৰ চিচিটিভি ফুটেজ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ।