নেশ্যনেল ডেস্ক,১০ অক্টোবৰ :চকু বা নেত্ৰ বা নয়ন হৈছে মানৱ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ । হয়তো প্ৰতিগৰাকী লোকে ইয়াৰ গুৰুত্ব বুজি পায় । কিন্তু দৃষ্টিহীন লোক বা তেওঁৰ পৰিয়ালৰ বাবে এই অনুভৱ অতি বেদনাদায়ক । অৱশ্যে এই বিশ্বত তেনে লোকৰ কথা চিন্তা কৰাও বহু আছে । যাৰ বাবে নেত্ৰদানৰ দৰে কিছুমান মহান কৰ্তব্য পালন কৰি গৈছে একাংশ লোকে । প্ৰতিবছৰে অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে বিশ্ব দৃষ্টি দিৱস উদযাপন কৰা হয় । এই দিৱসটো সেইসকল মহান ব্যক্তিৰ বাবে উছৰ্গিত, যিসকলে দৃষ্টিহীন লোকক পৃথিৱীখন চোৱাৰ বাবে সহায় কৰে ।
নেত্ৰদাতা গাঁৱৰ কাহিনী
আজি বিশ্ব দৃষ্টি দিৱসৰ দিনটোত এনে এখন গাঁৱৰ কথা ক'ব বিচাৰিছো যিয়ে কেৱল দৃষ্টি দিৱস উদযাপন কৰাই নহয় এই দিৱসৰ মূল উদ্দেশ্যৰ বাবেও কাম কৰি আহিছে । গাঁওখন হৈছে কেৰালাৰ কোজিকোডৰ কুন্নামঙ্গলামৰ চেৰুকুলাথুৰ । দৃষ্টিহীন লোকৰ বাবে এক আশাৰ ৰেঙনি হৈ পৰিছে এই গাঁওখন । বিশ্ব দৃষ্টি দিৱসত গাঁওখনে নেত্ৰদানৰ উল্লেখনীয় প্ৰতিশ্ৰুতি উদযাপন কৰিছে । যাৰ মূল উদ্দেশ্য "চকু সমাধিস্থ হোৱাৰ সলনি দৃষ্টি হ'ব লাগে" ।
উল্লেখ্য যে গাঁওখনৰ ২২৮ গৰাকী আৱাসীয়ে নেত্ৰদান কৰি এতিয়ালৈ ৪৫৬ গৰাকী লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই পোৱাত সহায় কৰিছে । এই কৰ্মই আনক পৃথিৱীখন নতুনকৈ চোৱাত সহায় কৰাৰ বাবে এক শক্তিশালী সমৰ্পনক প্ৰদৰ্শন কৰিছে । ১৯৯৬ চনৰ পৰাই গাঁওখনত এই প্ৰথা চলি আছে ।
নেত্ৰদানক সন্মানৰ দৃষ্টিৰে চাই আহিছে গাঁওখনৰ ৰাইজে । গাঁৱৰ কোনো লোকৰ মৃত্যু হ'লে পৰিয়ালটোৱে প্ৰথমে মৃতকৰ চকুত কপাহ ৰাখে । আত্মীয়ক মৃত্যুৰ খবৰ দিয়াৰ পূৰ্বে তেওঁলোকে কেপি গোবিন্দনকুট্টি মেম'ৰিয়েল লাইব্ৰেৰীৰ বিষয়াসকলক অৱগত কৰে । তাৰ পিছত মৃতকৰ চকুজুৰি সংগ্ৰহ কৰিবলৈ কোজিকোড মেডিকেল কলেজ আই বেংকৰ এটা চিকিৎসকৰ দল সেই ঘৰটোত উপস্থিত হয় । যাতে তেওঁলোকে প্ৰয়োজনীয় লোকৰ বাবে সুৰক্ষিতভাৱে চকুজুৰি সংৰক্ষণ কৰি পাৰে ।