অসম

assam

ETV Bharat / bharat

আজি ৱায়নাড়ৰ ভোটাৰে নিৰ্ধাৰণ কৰিব প্ৰিয়ংকা গান্ধীৰ ভাগ্য - WAYANAD BYPOLLS 2024

কেৰালাৰ ৱায়নাড়ৰ লোকসভাৰ উপ-নিৰ্বাচনত 11 বজালৈকৈ 27.04 % ভোটদান; প্ৰিয়ংকা গান্ধীৰ প্ৰতিদ্বন্দ্বী হৈছে বাঁও গণতান্ত্ৰিক মৰ্চাৰ মকেৰী, বিজেপিৰ হৰিদাস ।

Wayanad Bypolls 2024
প্ৰিয়ংকা গান্ধী (ANI)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 12:09 PM IST

নতুন দিল্লী: কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই নিৰ্বাচনী ৰণত অভিষেক ঘটোৱা কেৰালাৰ হাইপ্ৰ'ফাইল ৱায়নাড় লোকসভা সমষ্টিৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৷ সমষ্টিটোত বুধবাৰে প্ৰায় ১৪ লাখ ভোটাৰে নিৰ্ণয় কৰিব প্ৰতিদ্বন্দ্বিতা কৰা ১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । পুৱা ১১ বজালৈ ৱায়নাড়ত ভোটদানৰ হাৰ হৈছে 27.04 শতাংশ ৷

ভাতৃ ৰাহুল গান্ধীয়ে বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৱায়নাড় লোকসভা আসনখনৰ পৰাই এই সংসদীয় নিৰ্বাচনী ৰাজনীতিৰ অভিষেক ঘটিছে প্ৰিয়ংকাৰ । এই বছৰৰ প্ৰথমাৰ্ধত অনুষ্ঠিত লোকসভা নিৰ্বাচনত দুখনকৈ আসনত জয়লাভ কৰি ৰায়েবেৰেলী সমষ্টিত পাৰিবাৰিক দুৰ্গ অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লৈছিল ৰাহুল গান্ধীয়ে । এৰি দিছিল ৱায়নাড় সমষ্টি ৷ যাৰ ফলত খালী হৈ পৰিছিল ৱায়নাড় আসনখন । কংগ্ৰেছ দলে আসনখনত প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক প্ৰাৰ্থিত্ব দিয়ে ।

উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে বাওঁ গণতান্ত্ৰিক মৰ্চাৰ সত্যেন মকেৰী আৰু বিজেপিৰ নব্যা হৰিদাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ৰাজ্যখনৰ ত্ৰিশূৰ জিলাৰ চেলাক্কাৰা বিধানসভাৰ আসনখনতো অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । পুৱা ১১ বজালৈ চেলাক্কাৰা সমষ্টিত ভোটদানৰ হাৰ 29.36 শতাংশ ৷

ৱায়নাড়ত উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন ১১ নৱেম্বৰ, সোমবাৰে তিনিওটা বৃহৎ ৰাজনৈতিক মৰ্চাই ভোটাৰৰ মন জয় কৰিবলৈ বৃহৎ ৰোড শ্ব’ৰ আয়োজন কৰে । লোকসভাত বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে নিজৰ ভগ্নীৰ বাবে ভোট বিচাৰি সেইদিনা ৱায়নাড়ত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ।

মন কৰিবলগীয়া যে দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ ভোট বেংকত আঘাত হানিবলৈ এল ডি এফ আৰু বিজেপি দুয়োটা দলে ৰাহুল গান্ধীক পাহাৰীয়া সমষ্টি ৱায়নাড় আৰু ৰায়েবেৰেলী দুয়োটাৰে পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ৱায়নাড় সমষ্টিক অৱহেলা কৰি ত্যাগ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ।

আন সমষ্টিৰ দৰেই বুধবাৰে সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৱায়নাড়তো ৷ আনহাতে, স্বচ্ছ আৰু নিকা ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সমষ্টিটোত যথেষ্টসংখ্যক নিৰাপত্তা আৰু নিৰ্বাচনী কৰ্মচাৰী নিয়োগ কৰা হৈছে । ২৩ নৱেম্বৰত ৱায়নাড় লোকসভা আসনখনৰ উপ-নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব ।

ৱায়নাড় সমষ্টি মানন্তাভাদি, চুলথান বাথেৰী, কলপেট্টা, থিৰুভাম্বাডি, এৰানাড, নীলাম্বুৰ, আৰু ৱানদুৰ- এই সাতটা বিধানসভা সমষ্টিৰে গঠিত ৷ ৱায়নাড় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪৭১,৭৪২ গৰাকী ৷ ইয়াৰে ভিতৰত ২০০৪ গৰাকী সেৱা ভোটাৰ আৰু ৮৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোকক ধৰি ৭,৫১৯ গৰাকী ব্যক্তিয়ে ৱায়নাড়ত ইতিমধ্যে ঘৰৰ পৰাই ভোটদান কৰিছে ।

ৱায়নাড়ৰ উপ-নিৰ্বাচনত ১,৩৫৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ তাত ৩০ টা সহায়ক বুথ স্থাপন কৰা হৈছে ৷ আনহাতে, ৱেবকাষ্টিং ক্ষমতা থকা ১১ টা ভোটগ্ৰহণ স্থানক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে । উচ্চ নিৰাপত্তা শাখাৰ অধীনত দুটা ভোটগ্ৰহণ কেন্দ্ৰ চিহ্নিত কৰা হৈছে।

ইয়াৰ উপৰি যোৱা ৩০ জুলাইত ৱায়নাড়ৰ চৌৰালমালাত হোৱা ভয়ংকৰ ভূমিস্খলনত আক্ৰান্ত লোকসকলৰ বাবে তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ চৌৰালমালাত দুটা আৰু এটা মেপ্পাডিত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ দূৰ্গতসকল আহিবৰ বাবে পৰিবহণৰ ব্যৱস্থাও কৰা হৈছে ।

লগতে পঢ়ক :আজি পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন; ইভিএমত বন্দী হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
লগতে পঢ়ক :ঝাৰখণ্ড বিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত ৪৩ খন আসনত ভাগ্য নিৰ্ণয় হ’ব ৬৮৩ জন প্ৰাৰ্থীৰ

ABOUT THE AUTHOR

...view details