মুম্বাই : ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা যুগৰ অন্ত । দেশত এক চলচ্চিত্ৰ আন্দোলনৰ সৃষ্টি কৰা, ১৯৭০ আৰু ১৯৮০ ৰ দশকত 'অংকুৰ', 'নিশান্ত' আৰু 'মন্থন'ৰ দৰে চলচ্চিত্ৰৰ জৰিয়তে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ সূচনা কৰা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ সোমবাৰে মৃত্যু হয় । তেওঁৰ কন্যা পিয়াই এই কথা জনাইছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ ।
কন্যা পিয়াই সংবাদ প্ৰতিষ্ঠান পিটিআইক জনোৱা অনুসৰি, দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেওঁ মুম্বাইৰ ৱ'ৰ্কহাৰ্ডট চিকিৎসালয়ত ভৰ্তি হৈ আছিল । তাতেই চিকিৎসাধীন অৱস্থাত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মৃত্যু হয় ।
"সন্ধিয়া ৬.৩৮ বজাত ৱ'ৰ্কহাৰ্ডট চিকিৎসালয় মুম্বাই চেণ্ট্ৰেলত তেওঁৰ মৃত্যু হয় । তেওঁ বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল আৰু কেইবা বছৰ ধৰি বৃক্কৰ ৰোগত ভুগি আছিল । কিন্তু এই সমস্যা অধিক বৃদ্ধি পাইছিল । এইটোৱেই তেওঁৰ মৃত্যুৰ কাৰণ ।" কন্যা পিয়া বেনেগালে কয় ।
আনহাতে, ৱ'কহাৰ্ডট চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শ্যাম বেনেগালক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ।
উল্লেখ্য যে নিজৰ কেৰিয়াৰত শ্যাম বেনেগালে 'ভাৰত এক খোজ' আৰু 'সম্বিধান'কে ধৰি বিভিন্ন বিষয়ৰ ওপৰত চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাণ তথা পৰিচালনা কৰিছিল । তেওঁ মাত্ৰ ১০ দিন পূৰ্বে ১৪ ডিচেম্বৰত ৯০ সংখ্যক জন্মদিন উদযাপন কৰিছিল ।