বাৰাণসী :চৌহদত অৱস্থিত এটা মছজিদক লৈ উদয় প্ৰতাপ মহাবিদ্যালয়ত সৃষ্টি হোৱা উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে । ইয়াৰে অংশ হিচাপে শুকুৰবাৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কলেজ চৌহদৰ পৰা মছজিদটো আঁতৰোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
শ শ শিক্ষাৰ্থীয়ে হাতত গেৰুৱা পতাকা লৈ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সমবেত হৈ ‘‘জয় শ্ৰী ৰাম’’ ধ্বনি দিয়ে । তেওঁলোকে চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে যদিও গে'টত নিয়োজিত আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । এগৰাকী ছাত্ৰ নেতা বিবেকানন্দ সিঙে কয়, "মছজিদটো যিটুকুৰা স্থানত আছে সেই ভূমি ৱাকফ বোৰ্ডৰ নহয়, সেয়ে ইয়াৰ গাঁথনিটো তাৰ পৰা আঁতৰ কৰিব লাগে ।"
তেওঁ লগতে কয় যে যদি মছজিদত নামাজ পঢ়া অব্যাহত থাকে, তেন্তে শিক্ষাৰ্থীসকলেও তাত হনুমান চালিচা পাঠ কৰিব আৰম্ভ কৰিব । ঘটনা সন্দৰ্ভত কেণ্টনমেণ্টৰ সহকাৰী আৰক্ষী আয়ুক্ত (এ চি পি) বিদুষ চাক্সেনাই কয় যে শিক্ষাৰ্থীৰ এটা গোটে তেওঁলোকৰ দাবী উত্থাপন কৰিবলৈ আগবাঢ়ি আহিছিল । সেই সময়ত যদিও পৰিস্থিতি কিছু আক্ৰমণাত্মক হৈ পৰিছিল, আৰক্ষীয়ে পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হয় ।
এ চি পিয়ে কয় যে কিছু দুৰ্বৃত্তক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব । উল্লেখ্য যে, বৰ্ধিত উত্তেজনাৰ মাজত আৰক্ষীয়ে বৃহস্পতিবাৰে কলেজ চৌহদত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে । কেৱল বৈধ পৰিচয়-পত্ৰ থকা শিক্ষাৰ্থীসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে ।
উল্লেখ্য যে, মঙলবাৰে মছজিদৰ ওচৰত নামাজ পঢ়াৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে হনুমান চালিচা পাঠ কৰাৰ পিছত সৃষ্টি হোৱা অস্থিৰ পৰিৱেশৰ পিচত এই পদক্ষেপ গ্ৰহণ কৰা হয় । স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে এই বিতৰ্কৰ পিচত সাতজন লোকক কিছু সময়ৰ বাবে আটক কৰা হয় ।
ঘটনাৰ সৈতে সম্পৰ্কিত আন এক ঘটনাক্ৰমত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে এখন ‘‘ছাত্ৰ আদালত’’ গঠন কৰিছে আৰু উত্তৰ প্ৰদেশ ৱাকফ বোৰ্ডলৈ 11 দফীয়া পত্ৰ প্ৰেৰণ কৰিছে । তাত মছজিদৰ স্থিতি আৰু ইয়াৰ মালিকীস্বত্ব সম্পৰ্কে 15 দিনৰ ভিতৰত উত্তৰ দাবী কৰা হৈছে ।
আনহাতে, অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিৰ যুটীয়া সম্পাদক মহম্মদ য়াছিনে পূৰ্বতে কৈছিল যে তেওঁ মঙলবাৰে মছজিদৰ স্থিতি পৰীক্ষা কৰিবলৈ উত্তৰ প্ৰদেশ কেন্দ্ৰীয় ৱাকফ বোৰ্ডলৈ নিজাকৈ পত্ৰ লিখিছে । "উত্তৰ প্ৰদেশ কেন্দ্ৰীয় ৱাকফ বোৰ্ডে স্পষ্ট কৰি দিছে যে ২০১৮ চনত মছজিদটোক ৱাকফৰ সম্পত্তি হিচাপে দাবী কৰি দিয়া জাননী ২০২১ চনৰ ১৮ জানুৱাৰী তাৰিখে বাতিল কৰা হৈছিল । বৰ্তমান বিতৰ্কৰ কোনো কাৰণ নাই ।" ইয়াছিনে দাবী কৰে ।
উল্লেখ্য যে, মহাবিদ্যালয় চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি বাহিৰা লোকে মছজিদত প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এই উত্তেজনাৰ সৃষ্টি হয় । এগৰাকী স্থানীয় বিষয়াই কয় যে চৌহদত প্ৰৱেশকাৰীসকলৰ পৰিচয় প্ৰমাণিত কৰিবলৈ মহাবিদ্যালয় পৰিচালনা সমিতি প্ৰশাসনৰ ওচৰ চাপিছে । তেতিয়াৰে পৰা আৰক্ষীয়ে অধিক সংঘাত প্ৰতিহত কৰিবলৈ সতৰ্ক হৈ আছে ।