অসম

assam

বাছ-গাড়ীৰ মুখামুখি সংঘৰ্ষ: বৰ্তমান পৰ্যন্ত নিহত 7, আহত 40ৰো অধিক - UP Etawah Accident

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 11:18 AM IST

Car sleeper Bus collison: লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত শোকাৱহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত 7 জন লোক নিহত হোৱাৰ লগতে 40 জনৰো অধিক লোক আহত হয় ৷ দুৰ্ঘটনাটোত শোকপ্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

express
বাছ-গাড়ীৰ মুখামুখি সংঘৰ্ষ: বৰ্তমান পৰ্যন্ত মৃত্যু 7 জনৰ: আহত 40 জনৰো অধিক লোক (ETV Bharat)

নেশ্যনেল ডেস্ক, 4 আগষ্ট :লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত শনিবাৰৰ নিশা সংঘটিত হয় এটা শোকাৱহ দুৰ্ঘটনা ৷এক্সপ্ৰেছৱেৰ উছৰাহাৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ জানিব পৰা মতে এখন শ্লীপাৰ বাছৰ আৰু এখন গাড়ীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত কমেও 7 জন লোক নিহত হোৱাৰ লগতে 40 জনৰো অধিক লোক আহত হয় বুলি আৰক্ষীয়ে জনায় ।

প্ৰাথমিক তথ্য অনুসৰি, গাড়ীখনত থকা তিনিজন আৰু বাছত থকা চাৰিজনকে ধৰি 7 জন লোকৰ এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত মৃত্যু ঘটিছে । দুয়োখন বাহনৰ কমেও 40 জন লোক আহত হয় । আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে ৰায়বৰেলীৰ পৰা দিল্লী অভিমুখে গৈ থকা এখন নাগালেণ্ডৰ পঞ্জীয়নভুক্ত বাছ, নিশা প্ৰায় 12.45 বজাত ভুল দিশেৰে অহা এখন গাড়ীৰ সৈতে খুন্দা মাৰে ।

আৰক্ষী অধীক্ষকৰ মতে, লক্ষ্ণৌৰ পৰা আগ্ৰালৈ গৈ থকা গাড়ীখনৰ চালকজন টোপনিতে ভুল দিশত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । এই সংঘৰ্ষৰ পিচত বাছখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে পথচাৰী গোট খাইছিল উক্ত স্থানত । দুৰ্ঘটনাটোৰ পিছত ইটাৱাহৰ বাছৰেহৰ, চৌবিয়া, ভৰথানা, উছৰাহাৰ আৰু চাইফাই থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হয় । এছ এছ পি, এছ পি গ্ৰাম্যকে ধৰি অন্যান্য প্ৰশাসনিক বিষয়াসকলো উক্ত স্থানত উপস্থিত হয় । আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহতসকলক গাড়ীৰ পৰা উলিয়াই ছাইফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বাছখনত প্ৰায় 60 জন লোক আছিল ।

যোগী আদিত্যনাথৰ শোক প্ৰকাশ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইটাৱাহত সংঘটিত দুৰ্ঘটনাত 7 জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰে । দুৰ্ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে অনতিপলমে বিষয়াসকলক উক্ত স্থানত উপস্থিত হৈ আহতসকলক সাহায্য প্ৰদানৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে ।

তদুপৰি, আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈও জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে আৰু তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ২, আহত ২০ ৰো অধিক - TRAIN ACCIDENT IN UP

ঝক্ ঝক্ ঝক্ ৰে’লগাড়ী যায়...দবা এৰি থৈ গৈ থাকিল ইঞ্জিন : যাত্ৰীৰ মাজত হাহাকাৰ - Kamrup Express in Dibrugarh

অযোধ্যাৰ সৰযু নদীত ২ নাৱৰ সংঘৰ্ষ : এগৰাকী বেংক মেনেজাৰ সন্ধানহীন - Ayodhya Saryu river boat accident

ABOUT THE AUTHOR

...view details