গুৱাহাটী/শিলচৰ :মণিপুৰৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । প্ৰতিদিনে উত্তৰ-পূৱৰ ৰাজ্যখনত এটাৰ পিছত আন এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে । নিৰীহ লোকৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । তাৰ মাজতে দেওবাৰে সন্ধিয়া মণিপুৰৰ মেইটেই অধ্যুষিত কাকচিং জিলাত দুই প্ৰব্ৰজনকাৰী শ্ৰমিকক গুলীয়াই হত্যা কৰা হয় । আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে । আৰক্ষীয়ে জনোৱা মতে শনিবাৰে সন্ধিয়া কাকচিং-ৱাবাগাই ৰোডৰ কেইৰাকৰ পঞ্চায়ত কাৰ্যালয়ৰ সমীপত ঘটনাটো সংঘটিত হৈছে ।
প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা
আৰক্ষীয়ে জনোৱা মতে মৃত লোক দুজন বিহাৰৰ আৰু তেওঁলোক বিহাৰৰ গোপালগঞ্জ জিলাৰ ৰাজৱাহি গাঁৱৰ সুনালাল কুমাৰ আৰু দশৰথ কুমাৰ বুলি চিনাক্ত হৈছে । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰীক এতিয়াও চিনাক্ত কৰা হোৱা নাই ।
ইফালে শেহতীয়া খবৰ অনুসৰি বিহাৰৰ লোক দুজন ফেৰীৱালা আছিল । তেওঁলোকে দীৰ্ঘদিনৰ পৰা মণিপুৰত ফেৰীৱালা হিচাপে বসবাস কৰি আছিল । নিশা দশৰথ কুমাৰ আৰু সুনালাল কুমাৰসহ মুঠ ৫ জন ফেৰীৱালা ১৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চাইকেলেৰে ভাড়াঘৰলৈ উভতি আহি আছিল । সেই সময়তে বন্দুকধাৰী দুৰ্বৃত্তই তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত ঘটনাস্থলীত দশৰথ কুমাৰ আৰু সুনালাল কুমাৰৰ মৃত্যু হয় । ইফালে ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটো । পৰৱৰ্তী সময়ত ঘটনাস্থলীত মণিপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ।