অসম

assam

ETV Bharat / bharat

নামভৰ্তিৰ নামত অধিক মাচুল ল'ব নোৱাৰিব ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ে - PRIVATE MEDICAL COLLEGE FEES

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ মাচুলৰ গাঁথনি নিৰ্ধাৰণ কৰিবলৈ বিশেষ সমিতি গঠন কৰিছে ত্ৰিপুৰা চৰকাৰে ।

Private medical college fees structure
নামভৰ্তিৰ নামত অধিক মাচুল ল'ব নোৱাৰিব ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 2:45 PM IST

আগৰতলা : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে তৎপৰ হৈছে ত্ৰিপুৰা চৰকাৰ । ৰাজ্যখনৰ সকলো ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মাচুলৰ গাঁথনি নিৰ্ধাৰণ কৰিবলৈ ৫ জনীয়া স্থায়ী সমিতি গঠন কৰিছে ত্ৰিপুৰা চৰকাৰে । ত্ৰিপুৰাৰ স্বাস্থ্য সচিব কিৰণ গিটেৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশত কোৱা হৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ চি দাসৰ নেতৃত্বত ৰাজ্যখনৰ সকলো ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মাচুলৰ গাঁথনি নিৰ্ধাৰণ কৰিবলৈ এখন স্থায়ী সমিতি গঠন কৰিছে ।

কোন কোন থাকিব এই সমিতিত ?

সমিতিখনত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ চি দাসক অধ্যক্ষ, সদস্য-সচিব হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব কিৰণ গীটেক আৰু সদস্য হিচাপে ক্ৰমে এন এম চিৰ এম এ চিৰ সদস্য তথা অসম চিকিৎসা পৰিষদৰ (ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ দ্বাৰা মনোনীত) সভাপতি ডাঃ অনুপ কুমাৰ বৰ্মন, আই পি এছ (অৱসৰপ্ৰাপ্ত) বি কে ৰয় (অধ্যক্ষৰ দ্বাৰা মনোনীত) আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰতন কুমাৰক (অধ্যক্ষৰ দ্বাৰা মনোনীত) অন্তৰ্ভুক্ত কৰা হৈছে ।

নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে, "প্ৰতিখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানে প্ৰতিটো শিক্ষাবৰ্ষৰ আৰম্ভণিতে স্থায়ী সমিতিৰ সন্মুখত তেওঁলোকৰ প্ৰস্তাৱিত মাচুল গাঁথনি উল্লেখ কৰাৰ লগতে প্ৰাসঙ্গিক নথিপত্ৰ আৰু স্থায়ী সমিতিৰ দ্বাৰা পৰীক্ষাৰ বাবে একাউণ্টৰ বহী জমা দিব লাগিব ।"

উল্লেখ্য যে একাংশ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ে খেয়াল-খুচিমতে শিক্ষাৰ্থীৰ পৰা অত্যধিক মাচুল সংগ্ৰহ কৰাৰ অভিযোগ আছে । তেনেস্থলত ত্ৰিপুৰাৰ চৰকাৰৰ এই পদক্ষেপে যথেষ্ট সকাহ দিছে শিক্ষাৰ্থীসকলক ।

লগতে পঢ়ক :চি ই এম ছাৰ, আমাক ইমান শাস্তি নিদিব আপোনাৰ পাপ লাগিব... - BJP WORKER PROTEST

ABOUT THE AUTHOR

...view details