অমৃতসৰ :দেওবাৰে নিশা অমৃতসৰৰ শ্ৰীগুৰু ৰাম দাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত আমেৰিকাৰ পৰা বিতাড়িত তৃতীয়টো ভাৰতীয়ৰ দল ৷ আমেৰিকাৰ সামৰিক বিমানেৰে অনা এই ভাৰতীয় দলটোত আছে প্ৰায় ১১২ জন লোক ৷ ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীৰ দিনা আমেৰিকাৰ পৰা বিতাড়িত ১১৬ জন ভাৰতীয় নাগৰিকক অনা হৈছিল ৷
অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে এই ভাৰতীয়সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ তাৰ পাচতে তেওঁলোকক সোধা-পোছাও কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়সকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ৷
- ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা
১৬ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে অবৈধভাৱে আমেৰিকাত বাস কৰা ভাৰতীয়ৰ তৃতীয়টো দল । আমেৰিকাৰ বায়ুসেনাৰ চি-১৭এ গ্ল’বমাষ্টাৰ বিমানেৰে(C-17A Globemaster aircraft) অনা হৈছিল ১১২জন লোকক । ইয়াৰ উপৰিও ৩৩ জন গুজৰাটৰ, ২ জন উত্তৰ প্ৰদেশৰ, ১ জন হিমাচল প্ৰদেশৰ আৰু ১ জন উত্তৰাখণ্ডৰ লোক আছিল উক্ত বায়ুসেনাৰ বিমানখনত ।
লাভ কৰা তথ্য মতে, এই পৰ্যন্ত মুঠ ৩৩৫ জন ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে । বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে আটাইকেইজন লোককে বিভাগীয় কৰ্তৃপক্ষই বহু সময় ধৰি জেৰা চলায় ৷ জেৰাৰ অন্তত আটাইবোৰ লোককে বিভাগীয় কৰ্তৃপক্ষই ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ ইফালে হাৰিয়ানাৰ লোককেইজনৰ বাবে এখন ভলভ' বাছৰ ব্যৱস্থা কৰে আৰক্ষীৰ বিষয়াসকলে ৷
- স্বাস্থ্য পৰীক্ষাৰ অন্তত সকলো নিজৰ ৰাজ্যলৈ ৰাওনা হৈছে : উপ-আয়ুক্ত
দেওবাৰে নিশা অমৃতসৰৰ উপ-আয়ুক্ত সাক্ষী সাহনীও বিমানবন্দৰত উপস্থিত হয় ৷ আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়ৰ প্ৰসংগত তেওঁ কয়, ‘‘সকলো ভাৰতীয়ৰ স্বাস্থ্য ঠিকেই আছে ৷ এই দলটোত পুৰুষ-মহিলাৰ লগতে কেবাটাও শিশু আছে ৷’’