অসম

assam

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 1:50 PM IST

ETV Bharat / bharat

সাংসদ হোৱাৰ সপোন ৰাজ্যপালৰ পদতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিলে কোনে ?

Telengana Governor Tamilisai Resigns : আগন্তুক লোকসভা নিৰ্বাচনত তেলেংগানাৰ তামিলিসাই সুন্দৰৰাজনে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি পূৰ্বতেই এক অনুমান কৰা হৈছিল । এই অনুমানকে সঁচা প্ৰমাণিত কৰি তামিলিসায়ে সোমবাৰে পুৱা ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে । উল্লেখ্য যে ৰাজ্যখন ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী মোদীক তেওঁ পুৱা সাক্ষাতৰ পিচতে পদত্যাগ-পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ।

ৰাজ্যপালৰ পদ এৰিলে তামিলিসায়ে
ৰাজ্যপালৰ পদ এৰিলে তামিলিসায়ে

নিউজ ডেস্ক, ১৮ মাৰ্চ :তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনে ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰিছে । তেলেংগানাৰ ৰাজ্যপালৰ পদৰ লগতে তেওঁ অতিৰিক্ত দায়িত্ব পালন কৰি থকা পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ পদৰ পৰাও পদত্যাগ কৰে । খবৰ অনুসৰি, তামিলিসাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পদত্যাগ কৰিছে ।

এই সন্দৰ্ভত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ নিজৰ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে ৰাজ্যপালগৰাকীয়ে সোমবাৰে পুৱা ৰাজ্যিক ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক সৌজন্যমূলক বৈঠকত মিলিত হয় । এতিয়া এনেকুৱা লাগিছে যেন প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিচতে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

তামিলনাডুৰ তামিলিসাই সুন্দৰৰাজনে 2019 চনৰ 8 ছেপ্টেম্বৰত ৰাজ্যখনৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল । আনহাতে, 2021 চনৰ 18 ফেব্ৰুৱাৰীৰ পৰা তেওঁ পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপেও অতিৰিক্ত দায়িত্ব পালন কৰি আছে । পূৰ্বতে তামিলনাডু বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা তামিলিসায়ে ২০১৯ চনৰ নিৰ্বাচনত থুথুকুডিৰ পৰা লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰা কৰুণানিধিৰ জীয়ৰী কানিমোঝিৰ হাতত পৰাজিত হৈছিল । তাৰ পিছত তেওঁক ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে ।

আগন্তুক লোকসভা নিৰ্বাচনত তামিলিসাই সুন্দৰৰাজনে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি পূৰ্বতেই অনুমান কৰা হৈছিল । এই অনুমানকে সঁচা প্ৰমাণিত কৰি তামিলিসাই সোমবাৰে পুৱা ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে । তামিলিসাই সুন্দৰৰাজনে চেন্নাই কেন্দ্ৰীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । জানিব পৰা মতে, তামিলিসাই বিয়লি ৪ বজাত চেন্নাইলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক :ইউনিক নম্বৰসহ প্ৰকাশ কৰিব লাগিব নিৰ্বাচনী বণ্ড, উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ABOUT THE AUTHOR

...view details