অসম

assam

ETV Bharat / bharat

শ্ৰীলংকাৰ নৌসেনাই মুকলি কৰি দিলে ১৮ জন ভাৰতীয় মাছমৰীয়াক

Fishermen arrested from Rameswaram: শ্ৰীলংকাৰ নৌসেনাই মুকলি কৰি দিয়ে 18 জন মাছমৰীয়াক ৷ মঙলবাৰে চেন্নাইত উপস্থিত হয় মাছমৰীয়াকেইজন ৷ 8 ফেব্ৰুৱাৰীত মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল মাছমৰীয়াকেইজনক ।

By ANI

Published : Feb 13, 2024, 12:00 PM IST

Tamil Nadu: Sri Lankan Navy release 18 fishermen arrested from Rameswaram
Tamil Nadu: Sri Lankan Navy release 18 fishermen arrested from Rameswaram

নেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী:তামিলনাডুৰ ৰামেশ্বৰমৰ পৰা সীমান্ত অতিক্ৰম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা 18 জন মাছমৰীয়াক মুকলি কৰি দিয়ে শ্ৰীলংকাৰ নৌসেনাই । মঙলবাৰে চেন্নাইত উপস্থিত হোৱা মাছমৰীয়াকেইজনক বিমানবন্দৰত আদৰণি জনোৱা হয় । যোৱা 8 ফেব্ৰুৱাৰীত পালক বে সাগৰৰ ডেলফ্ট দ্বীপৰ ওচৰত মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল মাছমৰীয়াকেইজনক ।

মাছমৰীয়া সন্থাৰ মতে, দুখন মাছ ধৰা নাও জব্দ কৰা হৈছে । ইয়াৰ পূৰ্বে 6 ফেব্ৰুৱাৰীত 13 জানুৱাৰীত শ্ৰীলংকাৰ নৌসেনাই আটক কৰা তামিলনাডুৰ বাৰজন মাছমৰীয়াক মুকলি কৰি দিয়ে ৷ শ্ৰীলংকাৰ নৌসেনাই ভাৰতীয় মাছমৰীয়াসকলক বাৰে বাৰে গ্ৰেপ্তাৰ কৰাটো কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবেই নহয়, তামিলনাডু কৰ্তৃপক্ষৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে ।

5 ফেব্ৰুৱাৰীত মাছমৰীয়াসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে এক পদক্ষেপ গ্ৰহণ কৰি ৰামেশ্বৰমৰ মাছমৰীয়াসকলে প্ৰতীকী ধৰ্মঘট অনুষ্ঠিত কৰি তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে ধাৰাবাহিক দাবীৰ ৰূপৰেখা দাঙি ধৰে । ইয়াৰ পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে অঞ্চলটোত ৰাজ্যখনৰ মাছমৰীয়া সম্প্ৰদায়ৰ সদস্যসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হস্তক্ষেপ কৰি সমস্যাটো সোনকালে সমাধান কৰিবলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰত মুখ্যমন্ত্ৰী ষ্টালিনে উল্লেখ কৰিছে, "শ্ৰীলংকা কৰ্তৃপক্ষই তামিল মাছমৰীয়া আৰু তেওঁলোকৰ নাওবোৰক আটক কৰাৰ ঘটনা আতংকজনকভাৱে বৃদ্ধি পোৱা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি এই পত্ৰখন লিখিছো । এই বিষয়টোৱে এই মাছমৰীয়াসকলৰ মাজত জীৱিকাৰ অধিকাৰৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাইছে । কিয়নো ইয়াৰ স্থানীয় লোকসকলে ইয়াকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ব্যৱহাৰ কৰি আহিছে ।"

মাছমৰীয়াৰ সমস্যা সমাধানৰ বাবে জইণ্ট একচন গ্ৰুপ নবীকৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায় মুখ্যমন্ত্ৰী ষ্টালিনে । লগতে গ্ৰেপ্তাৰ হোৱা মাছমৰীয়াৰ সংখ্যা ‘লক্ষণীয়ভাবে বৃদ্ধি’ হোৱা সন্দৰ্ভতো আলোকপাত কৰে ।

ষ্টালিনে পত্ৰখনত লিখিছে, "তামিল মাছমৰীয়াসকলে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি পৰম্পৰাগতভাৱে যি মাছমৰা পানীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, সেই পানী ক্ৰমান্বয়ে নিষিদ্ধ হৈ আহিছে ৷ যাৰ ফলত এই লোকসকলৰ অৰ্থনৈতিক স্থিতিশীলতাত প্ৰভাৱ পেলোৱাৰ লগতে তেওঁলোকৰ জীৱিকা বৰ্তায় ৰখাটো কঠিন হৈ পৰিছে । 2023 চনত শ্ৰীলংকাৰ নৌসেনাই 243 জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰি 37 খন নাও জব্দ কৰে । বিগত 28 দিনত ছটা কাণ্ডত 88 জন মাছমৰীয়া আৰু 12 খন নাও গ্ৰেপ্তাৰ কৰা হৈছে ।"

ডি এম কে নেতা আৰ এছ ভাৰতীয়ে শাসকীয় বিজেপিয়ে মাছমৰীয়া বিষয়টোক সংসদত আলোচনা কৰিবলৈ সুযোগ দিয়া নাই বুলি অভিযোগ কৰিছে । তামিলনাডু চৰকাৰে মাছমৰীয়াৰ বিষয়টো সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীলৈ 35 বাৰ পত্ৰ আৰু প্ৰধানমন্ত্ৰীলৈ 13 বাৰ পত্ৰ লিখিছে । কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক:শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ তামিলনাডুৰ ২৩ মাছমৰীয়া

ABOUT THE AUTHOR

...view details