নতুন দিল্লী: সম্ভৱতঃ ২০ ফেব্ৰুৱাৰীৰ দিনটোত দিল্লীবাসীয়ে পাব নতুন মুখ্যমন্ত্ৰী ৷ ২৭ বছৰৰ পাছত দিল্লী বিধানসভাত বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এতিয়া ২০ ফেব্ৰুৱাৰীত নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
বিজেপিৰ জ্যেষ্ঠ নেতাসকলে দিল্লী আৰক্ষী আৰু যান-বাহন আৰক্ষীক দিয়া তথ্য অনুসৰি, ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব এই শপত গ্ৰহণ অনুষ্ঠান । পূৰ্বে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপতগ্ৰহণৰ প্ৰস্তাৱ আছিল যদিও এতিয়া ৰামলীলা ময়দানলৈ স্থানান্তৰ কৰা হৈছে ।
দৰাচলতে বিগত ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল অনুসৰি, দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভিতৰত ৪৮ খন আসন লাভ কৰি বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰে । তেতিয়াৰ পৰাই চৰকাৰ গঠনৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত হৈ আছিল ।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ তিনিদিনীয়া বিদেশ ভ্ৰমণৰ বাবে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব পৰা নাছিল । জানিব পৰা মতে, ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব, তেওঁৰ নাম প্ৰায় চূড়ান্ত হৈছে ৷ ১৮ বা ১৯ ফেব্ৰুৱাৰীত বিধানসভা দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পিছতে ২০ ফেব্ৰুৱাৰীত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিব বিজেপিয়ে ।
- ৰামলীলা ময়দানত শপত লোৱাৰ পৰম্পৰা :
আজি (সোমবাৰ) বিয়লি ৩ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিধায়কৰ এখন বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকত বিধায়কসকলক পৰামৰ্শ আৰু নিৰ্দেশনা দিব পাৰিব ।