নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ :অৱশেষত অপেক্ষাৰ অন্ত । মুকলি আকাশৰ তললৈ ওলাল কেজৰিৱাল । উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰে । তেওঁ ইতিমধ্যে ই ডি গোচৰত জামিন লাভ কৰিছে । কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে । এই গোচৰটোৰ শুনানি যোৱা সপ্তাহত সম্পূৰ্ণ হৈছে । ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জ্বল ভূঞাক লৈ গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে । উল্লেখ্য, উচ্চতম ন্যায়ালয়ে ৫ ছেপ্টেম্বৰত এই ৰায় সংৰক্ষিত ৰাখিছিল ।
ইয়াৰ পূৰ্বে, এই কেলেংকাৰীৰ ইডি গোচৰত উচ্চতম ন্যায়ালয়ে ১২ জুলাইত কেজৰিৱালক জামিন প্ৰদান কৰিছিল যদিও তেওঁ কাৰাগাৰৰ পৰা ওলাব নোৱাৰিলে । পূৰ্বৰ শুনানিত কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে কেজৰিৱালৰ হৈ যুক্তি দিছিল যে এইটো নিজেই এক অনন্য ঘটনা । পি এম এল এৰ কঠোৰ নিয়ম সত্ত্বেও কেজৰিৱালক দুবাৰ জামিন দিয়া হৈছিল । এনে পৰিস্থিতিত চি বি আই গোচৰত জামিন কিয় মঞ্জুৰ কৰিব নোৱাৰি ? একে সময়তে চি বি আয়ে নিজৰ যুক্তিত কয় যে কেজৰিৱালে সহযোগিতা কৰা নাই ।
অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই আহিলে সৃষ্টি হ'ব পাৰে ৰাজনৈতিক ধুমুহা
দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ দিনটোক এক অতি গুৰুত্বপূৰ্ণ সময় হিচাপে গণ্য কৰিব পাৰি । কিয়নো হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মূল পৰ্যায়ৰ প্ৰচাৰ ১৩ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব । ইতিমধ্যে মনোনয়ন দাখিল প্ৰক্ৰিয়া ১২ তাৰিখো অন্ত পৰিছে ।
আম আদমী পাৰ্টীয়ে হাৰিয়ানাৰ ৯০ খন আসনৰ আটাইকেইখনতে প্ৰাৰ্থী প্ৰদান কৰিছে । কিন্তু অৰবিন্দ কেজৰিৱালৰ অবিহনে প্ৰাৰ্থীসকলৰ বাবে শক্তিশালী প্ৰচাৰৰ সম্ভাৱনা ক্ষীণ যেন অনুভৱ হৈছিল । আনহাতে, দিল্লীত ৰাষ্ট্ৰপতি শাসনৰ গুজৱ উঠি থকাৰ মাজতে মুখ্যমন্ত্ৰী কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই অহাটো বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে প্ৰমাণিত হ'ব পাৰে ।