অসম

assam

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত শ্ৰীনগৰত অস্থায়ী ৰেড জ’ন ঘোষণা - PM MODI KASHMIR VISIT ON YOGA DAY

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:26 AM IST

International Day of Yoga : 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ'ব শ্ৰীনগৰত ৷ প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি শ্ৰীনগৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ড্ৰোণ উৰণৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷

PM MODI KASHMIR VISIT ON YOGA DAY
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)

নেশ্যনেল ডেস্ক, 19 জুন :21 জুনত সমগ্ৰ বিশ্বত পালন কৰা হ’ব আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ এই দিৱস উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে শ্ৰীনগৰত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী ৷ নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে এয়া হ’ব তেওঁৰ প্ৰথমটো শ্ৰীনগৰ ভ্ৰমণ ৷

প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি শ্ৰীনগৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৷ সমান্তৰালকৈ শ্ৰীনগৰক ঘোষণা কৰা হৈছে অস্থায়ী ৰেড জ’ন হিচাপে ৷ এই সময়চোৱাত ড্ৰোণ উৰণৰ লগতে ইয়াৰ লগত জড়িত কাৰ্যকলাপৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ৷ এই কথা সদৰী কৰিছে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক:মোদী চৰকাৰৰ দপ্তৰ বিতৰণ; নাড্ডাক স্বাস্থ্য, নিৰ্মলাক বিত্ত; গৃহত শ্বাহ, নিৰাপত্তাত ৰাজনাথ...সবিশেষ চাওক - Narendra Modi Cabinet

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰেড জ’নত সকলো অনুমোদিত ড্ৰোণ সম্বন্ধীয় কাৰ্যকলাপ ড্ৰোণ অধিনিয়ম 2021 অনুসৰি পালন কৰা হ’ব ৷ আৰক্ষীৰ নিৰ্দেশনা ভংগকাৰীক এই আইনৰ আধাৰত শাস্তি প্ৰদান কৰা হ’ব ৷

উল্লেখ্য় যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে শ্ৰীনগৰত উপস্থিত হৈ নৈশযাপন কৰাৰ পিছত শুকুৰবাৰে পুৱা এছ কে আই চি চিত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

আনহাতে, ‘ৰেড জোন’ ত কোনো লোকে ড্ৰোণ উৰুৱালে শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি শ্ৰীনগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ ইতিমধ্যে জোৰদাৰ গতিত এই কাৰ্যসূচীৰ বাবে প্ৰস্তুতি অব্যাহত আছে ৷ অনুষ্ঠানটোত শতাধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ য’ত অধিকাংশ অংশগ্ৰহণকাৰীয়ে খেলুৱৈ হ’ব ৷

লগতে পঢ়ক:চাহৱালাৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক যাত্ৰা - Narendra Modi Hat trick Prime Minister

এই বিশেষ দিনটোৰ প্ৰসংগত আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাদৱে শুকুৰবাৰে শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত(এছ কে আই চি চি) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী পালন কৰা হ’ব বুলি সদৰী কৰে ৷

যাদৱে আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত এই বছৰৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কয় যে, "আত্ম আৰু সমাজৰ বাবে যোগ", সমাজৰ ব্যক্তি আৰু কল্যাণৰ ক্ষেত্ৰত যোগৰ দ্বৈত ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন গাঁৱৰ মুৰব্বীলৈ পত্ৰৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ এই যোগ অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । উল্লেখ্য় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুৰোধৰ উত্তৰ হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2014 চনৰ ডিচেম্বৰত প্ৰতিবছৰে 21 জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰিছিল ।

লগতে পঢ়ক:G7 সন্মিলনৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, কেইবাখনো বৈঠকত অংশগ্ৰহণৰ সম্ভাৱনা - G7 Summit in Italy

ABOUT THE AUTHOR

...view details