অসম

assam

ETV Bharat / bharat

ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব': লোকাৰণ্য মেৰিনা সমুদ্ৰতীৰ - Chennai Air Show

IAF Air Show: ভাৰতীয় বায়ুসেনাৰ ৯২ সংখ্যক বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি চেন্নাইৰ মেৰিনা সমুদ্ৰতীৰত বিশাল এয়াৰ শ্ব'।

By ETV Bharat Assamese Team

Published : 4 hours ago

Chennai Air Show
ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব':লোকে লোকাৰণ্য মেৰিনা সমুদ্ৰতীৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ :৯২ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় বায়ু সেনাই চেন্নাইৰ মেৰিনা বীচত (সমুদ্ৰতীৰ) বৃহৎ এয়াৰ শ্ব'ৰ আয়োজন কৰিছে । যাক লৈ সমুদ্ৰতীৰত উছাহ দেখিবলৈ পোৱা গৈছে । মেৰিনা সমুদ্ৰতীৰৰ আকাশত উৰিল ৭২ খনতকৈও অধিক যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা এয়াৰ শ্ব'ত ছুখৈ-৩০, এইচএএল তেজস আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানবোৰ তাম্বাৰাম এয়াৰ বেছৰ পৰা উৰা মাৰে । এই বিমানবোৰে নিখুঁত ষ্টাণ্টৰ জৰিয়তে দৰ্শকসকলক আমোদ দিয়ে । ২০০৩ চনৰ পিছত চেন্নাইত ভাৰতীয় বায়ুসেনাৰ এই ধৰণৰ প্ৰথম এয়াৰ শ্ব' আছিল ।

মেৰিনা সমুদ্ৰতীৰত চমকপ্ৰদ এৰিয়েল ষ্টাণ্ট :

তিনিদিনীয়া অনুশীলনৰ অন্তত ভাৰতীয় বায়ু সেনাই এই এয়াৰ শ্ব'ৰ আয়োজন কৰে । এই বিশাল অনুষ্ঠানটোত ভাৰতীয় বায়ু সেনাৰ পাইলটসকলে ছুখৈ-৩০, এমআই-১৭ ভিএইচ হেলিকপ্টাৰ, এডভান্সড লাইট হেলিকপ্টাৰ (এএলএইচ), এইচএএল তেজছ আৰু ৰাফেলৰ দৰে মাল্টিৰোল যুঁজাৰু বিমানেৰে বিভিন্ন ধৰণৰ শ্বাসৰুদ্ধকাৰী কৌশল প্ৰদৰ্শন কৰে । এই এয়াৰ শ্ব' চেন্নাইৰ অন্যান্য মুখ্য স্থান যেনে কোভালম সমুদ্ৰতীৰ আৰু আদিয়াৰৰ পৰাও দৃশ্যমান হয় ।

ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব' (DD News)

অনুষ্ঠানটোৱে কেৱল ভাৰতীয় বায়ু সেনাৰ ঐতিহ্য উদযাপন কৰাই নহয়, দেশৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ এক প্ৰেৰণাদায়ক স্মাৰক হিচাপেও কাম কৰে । দৰ্শকসকলে পাইলটসকলৰ দক্ষতা আৰু নিখুঁততা দেখি আচৰিত হৈছিল । এই সময়ত দৰ্শকসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা যায় ।

মেৰিনাৰ বাহিৰতো এই আকৰ্ষণীয় দৃশ্য উপভোগ :

সাধাৰণতে দিল্লীত আয়োজিত হয় যদিও এই বছৰৰ এয়াৰ শ্ব'টো চেন্নাইলৈ স্থানান্তৰিত কৰা হৈছিল । ফলত ১.৫ নিযুতৰো অধিক দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই এয়াৰ শ্ব'। চেন্নাই চহৰ আৰু চুবুৰীয়া জিলাৰ পৰা শ শ লোকে পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে বায়ু সেনাৰ এই এয়াৰ শ্ব' চাবলৈ ভিৰ কৰিছে । থিৰুভানমিয়ুৰ, আদিয়াৰ আৰু আনকি ইচিআৰ সমুদ্ৰতীৰৰ দৰে অঞ্চলৰ পৰাও লোকসকলে বায়ু সেনাৰ হেলিকপ্টাৰ আৰু যুদ্ধ বিমান ষ্টাণ্টবোৰ স্পষ্টভাৱে প্ৰত্যক্ষ কৰে ।

যান-বাহন আৰু সুৰক্ষা ব্যৱস্থা :

প্ৰচুৰ ভিৰৰ সম্ভাৱনাৰ বাবে পূৰ্বতে সুৰক্ষা আৰু যান-বাহন ব্যৱস্থাপনা সতৰ্কতাৰে পৰিকল্পনা কৰা হৈছিল । যিসকলে মেৰিনা সমুদ্ৰতীৰলৈ যাব নোৱাৰে তেওঁলোকৰ বাবে এয়াৰ শ্ব' চোৱাৰ সুবিধাৰ্থে বিশেষ স্থান নিৰ্ধাৰণ কৰা হয় । অনুষ্ঠানটো উপভোগ কৰাৰ সময়ত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লোকসকলক টুপী, ছাতি আৰু পানীৰ বটলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী আনিবলৈ বায়ু সেনাই ৰাইজক পৰামৰ্শ দিছিল ।

লগতে পঢ়ক :ভাৰতীয় বায়ুসেনাৰ বৰ্ষপূৰ্তি উপলক্ষ্যে চেন্নাই মেৰিনা তীৰত ৰোমাঞ্চকৰ আকাশী প্ৰদৰ্শন - Air show by IAF in Chennai

ABOUT THE AUTHOR

...view details