হায়দৰাবাদ: পঞ্জাবৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ (ন’নী)ক ছত্তীশগড় অসামৰিক সমাজে ৮৫০ কোটি টকাৰ জাননী জাৰি কৰে । নৱজোৎ সিদ্ধুৱে সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে তেওঁৰ পত্নীয়ে নেমু পানী, কেঁচা হালধি আৰু নিমৰ ৰস সেৱন কৰি কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰিছিল ৷ ইয়াৰ পাছতে ছত্তীশগড় অসামৰিক সমাজে এখন পত্ৰ লিখি নৱজোৎ কৌৰক ৮৫০ কোটি টকাৰ জাননী জাৰি কৰি চিকিৎসাৰ প্ৰমাণ বিচাৰিছে ।
- ৭ দিনৰ ভিতৰত প্ৰমাণ বিচাৰিছে :
ছত্তীশগড় অসামৰিক সমাজৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকীয়ে কয় যে তেওঁলোকৰ খাদ্যাভ্যাসৰ বিষয়ে শুনি দেশ-বিদেশৰ কৰ্কট ৰোগীৰ মাজত বিভ্ৰান্তি আৰু এলোপেথিক চিকিৎসাৰ প্ৰতি মনত কিছু বাধাৰ সৃষ্টি হৈছে । ৭ দিনৰ ভিতৰত তেওঁলোকে চিকিৎসাৰ সকলো নথি দাখিল কৰিব লাগিব ।
৭ দিনৰ ভিতৰত যদি ক্ষমা বিচৰা বা তেনে কোনো প্ৰমাণ পোৱা নাযায়, তেন্তে তেওঁ নিজৰ অধিবক্তাৰ জৰিয়তে আদালতলৈ যাব বুলিও কয় । X ৰ এটা পোষ্টত ডাঃ ছোলাংকীয়ে এই কথা উল্লেখ কৰিছে ৷
छत्तीसगढ़ सिविल सोसाइटी ने पूर्व सांसद नवजोत सिंह सिद्धू दंपति को जारी किया लीगल नोटिस:7 दिनो के भीतर इलाज के डॉक्यूमेंट पेश करें तथा माफी मांगे अन्यथा 100 मिलियन डॉलर(850 करोड रुपए) का क्षतिपूर्ति दावा किया जाएगा.@sherryontopp@NMC_IND@sreeramjvc https://t.co/bJF9DRLCCk
— Dr Kuldip Solanki (@DrKuldipSolanki) November 26, 2024
- ছত্তীশগড় অসামৰিক সমাজে কি তথ্য বিচাৰিছিল ?
- ডাঃ কুলদীপ ছোলাংকীয়ে নৱজোৎ কৌৰলৈ চিঠি লিখি তেওঁৰ স্বামীয়ে খাদ্যৰ জৰিয়তে কৰ্কট ৰোগ নিৰাময় হোৱা বুলি কৰা দাবীক তেওঁৰ সম্পূৰ্ণ সমৰ্থন আছেনে ?
- বিভিন্ন চিকিৎসালয়ত আপুনি কৰা এলোপেথিক ঔষধৰ চিকিৎসাই আপোনাক লাভৱান কৰা নাই বুলি অনুভৱ কৰে নেকি ?
- আপুনি খাদ্যত কেৱল নিম পাত, নেমুৰ পানী বা ৰস, তুলসী পাত, কেঁচা হালধি সেৱন কৰি কেন্সাৰমুক্ত হ’বলৈ সক্ষম হৈছে ? কোনো এলোপেথিক ঔষধ ব্যৱহাৰ কৰা নাই ?
- যদি আপুনি আপোনাৰ স্বামীয়ে কৰা দাবীক সমৰ্থন কৰে, তেন্তে ৭ দিনৰ ভিতৰত আমাক সকলো পৰীক্ষাৰ যোগ্য নথি-পত্ৰ প্ৰদান কৰক, যিয়ে কোনো ঔষধ অবিহনে বা কোনো চিকিৎসা সহায় নোহোৱাকৈ কেৱল এই খাদ্য গ্ৰহণ কৰিয়েই ৪০ দিনৰ ভিতৰতে কেন্সাৰৰ ৪ৰ্থ ষ্টেজ ক্লিয়াৰ কৰিছে আৰু আপুনি কেন্সাৰ মুক্ত হৈছে ।
- যদি আপোনাৰ স্বামীৰ ব্যক্তব্যৰ প্ৰতি আপোনাৰ কোনো সমৰ্থন নাই, তেন্তে সংবাদমেল পাতি সকলো নিশ্চিত কৰক ।
- কৰ্কট ৰোগৰ চিকিৎসাৰ সন্দৰ্ভত কি কৈছিল নৱজোৎ সিং সিদ্ধুৱে ?
কিছুদিন পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি নৱজোৎ সিং সিদ্ধুৱে কৈছিল যে তেওঁৰ পত্নী ন’নী যেতিয়া কেন্সাৰৰ তৃতীয় পৰ্যায়ত আছিল, তেতিয়া চিকিৎসকসকলে তেওঁ সুস্থ হোৱাৰ আশা নাই বুলিয়েই কৈছিল । তেওঁ কয় যে কেন্সাৰত খাদ্যৰ ব্যৱধান দিলেই কেন্সাৰ কোষবোৰ নিজে মৰি যাব । সন্ধিয়া ৭ বজাত খোৱাৰ পিছত ১০ বজাতহে আহাৰ গ্ৰহণ কৰিব লাগে । খাদ্যৰ তালিকাত নেমুৰ ৰস বা পানী, নিম পাত আৰু তুলসী অধিক ব্যৱহাৰ কৰিব লাগে ।
— Navjot Singh Sidhu (@sherryontopp) November 25, 2024
ইয়াৰ উপৰিও এই ৰোগৰ পৰা হাত সাৰিবলৈ চাহো ত্যাগ কৰিব লাগিব ৷ হালধি, আদা আৰু ৰঙালাওৰ ৰসক অধিক অগ্ৰাধিকাৰ দিব লাগে । ফলৰ ভিতৰত মালবেৰীৰ ৰস, বিট, গাজৰ আদি খাব লাগে, যিয়ে কেন্সাৰ নিৰ্মূল কৰাত সহায় কৰিব । ইয়াৰ বাহিৰেও তেওঁ কয় যে কেন্সাৰৰ চিকিৎসা ফেটি লিভাৰৰ ক্ষেত্ৰতো একেই । তেওঁ কয় যে নাৰিকল তেল আৰু সৰিয়হৰ তেলৰ খাদ্য খাব লাগে ।
This war against cancer involved surgeries, chemotherapy, hormonal and targeted therapy, a strict diet plan and determination to fight cancer, together they worked as immunotherapy……
— Navjot Singh Sidhu (@sherryontopp) November 23, 2024
Will share the diet plan soon for the benefit of one and all along with my wife and guardian… pic.twitter.com/Y8RH9uWhnJ
ইয়াৰ উপৰিও নৱজোৎ সিং সিদ্ধুৱে X ৰ জৰিয়তে সমগ্ৰ ডায়েট প্লেন শ্বেয়াৰ কৰিছিল ।