নতুন দিল্লী :কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ পৰে । সূত্ৰৰ মতে লগে লগে কংগ্ৰেছ নেত্ৰীগৰাকীক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হয় ।
সংবাদ সংস্থাPTI -এ উল্লেখ কৰা মতে, ছোনিয়া গান্ধী বৰ্তমান সুস্থ আৰু শুকুৰবাৰে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে । ছোনিয়া গান্ধীৰ বৰ্তমান বয়স ৭৮ বছৰ ।