নেশ্যনেল ডেস্ক, 23 ফেব্ৰুৱাৰী:উত্তৰাখণ্ডত অব্যাহত আছে ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত । একে সময়তে বদ্ৰীনাথ ধামতো বৰফ পৰিছে । বিশাল ভগৱান বদ্ৰীৰ মন্দিৰটো বগা বৰফৰ চাদৰেৰে আবৃত হৈ পৰিছে । লগতে বদ্ৰীনাথৰ আশে-পাশে থকা পাহাৰবোৰ যেন বগা চাদৰেৰে ঢাকি থোৱাৰ দৰে পৰিলক্ষিত হৈছে । যাৰ বাবে বদ্ৰীনাথ ধামৰ দৃশ্য নান্দনিক হৈ পৰিছে ৷
মন কৰিবলগীয়া যে, এইখিনি সময়ত সৰ্বাধিক বৰফ পৰে বদ্ৰীনাথ ধামত । ধামত জমা হৈছে প্ৰায় 4 ৰ পৰা 5 ফুট বৰফ । চামোলি জিলাত বতৰ ধাৰাবাহিকভাৱে পৰিৱর্তন হৈ আছে ৷ যাৰ বাবে আন অঞ্চলত তুষাৰপাত অব্যাহত আছে ৷ একে সময়তে নিম্নভূমি অঞ্চলত ঠাণ্ডা বৃদ্ধি পোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে লোক ।
নীতি উপত্যকা, হেমকুণ্ড চাহাব, ফুলৰ উপত্যকা, নন্দ ঘুংঘটি, আউলি, ৰূপকুণ্ড, বেদনী কুণ্ডকে ধৰি চামোলিৰ উচ্চ উচ্চতাৰ অঞ্চলসমূহ বৰফেৰে আবৃত হৈ পৰিছে । যোশীমাঠ আৰু আউলি পথত ধাৰাবাহিকভাৱে বৰফ পৰাৰ বাবে যাতায়তৰ ক্ষেত্ৰত সমস্যৰ সৃষ্টি হৈছে ।