নগৰকুৰ্নুল :এক ভয়াৱহ সুৰংগ দুৰ্ঘটনাই জোকাৰিছে ৰাজ্য ৷ সুৰংগটো ওপৰৰ অংশ ভাগি ২গৰাকী অভিযন্তাসহ মুঠ ৮ জন শ্ৰমিক ভিতৰত আবদ্ধ হৈ আছে ৷ বাতৰি লিখা পৰলৈকে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ যৎপোৰনাস্তি চেষ্টা চলাই থকা হৈছে ৷
জানিব পৰা মতে, আৱদ্ধ শ্ৰমিক কেইজন পঞ্জাব, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ । ইফালে এই দুৰ্ঘটনাৰ সময়ত নিৰ্মিয়মান সুৰংগটো বহু শ্ৰমিকে কাম কৰি আছিল ৷ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, ৪২ জন শ্ৰমিকক নিৰাপদে সুৰংগটোৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷ ইয়াৰে দুজন শ্ৰমিক আহত হয় যদিও লগে লগে তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।
আমি উল্লেখ কৰা এই দুৰ্ঘটনাটো সংঘটিত হয় তেলেংগানাত ৷ শনিবাৰে তেলেংগানাৰ নগৰকুৰনুল জিলাৰ নিৰ্মাণাধীন শ্ৰীশায়লম বাওঁ পাৰৰ খাল (Srisailam Left Bank Canal চমুকৈ SLBC) সুৰংগ প্ৰকল্পত সংঘটিত হয় এই সুৰংগ দুৰ্ঘটনাটো ।
সুৰংগটোৰ চালৰ তিনি মিটাৰ অংশ ভাঙি ভিতৰত আবদ্ধ হৈ পৰে ৮ জন শ্ৰমিক। তেওঁলোকক উচ্ছেদ কৰিবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে। আৱদ্ধ শ্ৰমিক কেইজন পঞ্জাব, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ। একে সময়তে ৪২ জন শ্ৰমিক নিৰাপদে ওলাই আহিবলৈ সক্ষম হয়, ইয়াৰে দুজন আহত হয় আৰু লগে লগে ওচৰৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় ৷
- উদ্ধাৰকাৰী দলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান; বোকা-পানীৰে ভৰি পৰিছে সুৰংগটোৰ ভিতৰ ভাগ :
নিৰ্মাণৰত শ্ৰীশায়লম বাওঁ পাৰৰ খালৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাত এক ডাঙৰ প্ৰত্যাহ্বানে দেখা দিছে । শনিবাৰে নিশা NDRF, SDRF ৰ দলসহ অন্যান্য উদ্ধাৰকাৰী দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ।
SDRF ৰ এজন জোৱানে সংবাদ সংস্থা ANI ৰ আগত কয়, ‘‘সুৰংগটোত প্ৰৱেশ কৰাত অসুবিধা হৈছে । সম্পূৰ্ণৰূপে ভাঙি গৈছে সুৰংগটো ৷ আনকি ইয়াৰ ভিতৰ ভাগত আঁঠুলৈকে বোকা-পানীৰে ভৰি পৰিছে । সোনকালে আমি আন কিবা এটা সমাধান বিচাৰিব লাগিব ।’’
- সুৰংগৰ ভিতৰত উদ্ধাৰকাৰী দলে প্ৰৱেশ কৰিব পৰা নাই :
NDRF ৰ জোৱান আৰু অন্যান্য উদ্ধাৰকাৰী দলে সুৰংগটোত প্ৰৱেশ কৰি ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ কেৱল ঠাইডোখৰ পৰিদৰ্শন কৰিয়েই উভতি আহিব লগা হৈছে ৷ কমেও আঠজন শ্ৰমিক উক্ত স্থানত আবদ্ধ হৈ থকাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে ৷ ভাৰতীয় সেনাৰ অভিযন্তা টাস্ক ফ’ৰ্চ (ETF)কো উদ্ধাৰ অভিযানত সহায় কৰিবলৈ নিয়োগ কৰা হৈছে ৷
- শনিবাৰে পুৱা সংঘটিত হয় সুৰংগ দুৰ্ঘটনাটো :
মাত্ৰ চাৰিদিন পূৰ্বে পুনৰ SLBC সুৰংগ প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল । বিগত দিনকেইটাৰ দৰে শনিবাৰে আৰম্ভ কৰা হৈছিল কাম ৷ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে পুৱা হঠাতে আমৰাবাদ মণ্ডলৰ ডোমালপেন্টা সমীপত সংঘটিত হয় এই ঘটনা ।
বিভাগীয় বিষয়াই জনোৱা মতে, পুৱা প্ৰায় ৮:৩০ বজাত হঠাৎ মাটিৰ ধ্বংসাৱশেষ পৰিবলৈ ধৰে ৷ যাৰ ফলত প্ৰথম শ্বিফটত কাম কৰা ৫০ জন কৰ্মচাৰীৰ মাজত আতংকৰ সৃষ্টি হয় । ইয়াৰে ৪২ জন শ্ৰমিকে নিৰাপদে উক্ত স্থানৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷ কিন্তু সুৰংগটোৰ ভিতৰতে আৱদ্ধ হৈ পৰে ৮ জন শ্ৰমিক ।
NDRF আৰু SDRF ৰ দলৰ লগতে উদ্ধাৰ অভিযানৰ বাবে ছেকেণ্ডৰাবাদৰ পদাতিক বিভাগৰ অংশ ভাৰতীয় সেনাৰ এটা অভিযন্তা ৰেজিমেণ্টকো এই কামত নিয়োগ কৰা হৈছে ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ এটা অভিযন্তা ৰেজিমেণ্টক উক্ত স্থানত এক্সকেভেটৰ ড’জাৰৰ সৈতে ষ্টেণ্ডবাই কৰা হৈছে ।
তেলেংগানাৰ মুখ্য সচিবৰ অনুৰোধ মৰ্মে, সেনাই ততাতৈয়াকৈ উদ্ধাৰ অভিযানৰ বাবে নিজৰ অভিযন্তা টাস্ক ফ’ৰ্চ (ETF) সংগঠিত কৰে । য’ত আছে বিশেষজ্ঞ অভিযান্ত্ৰিক দল, সেনা চিকিৎসা কৰ্পছৰ ফিল্ড এম্বুলেন্সৰ পৰা এটা চিকিৎসা ডিটেচমেণ্ট (এখন এম্বুলেন্সৰ সৈতে) আৰু তিনিটা উচ্চ ক্ষমতাসম্পন্ন পাম্পিং চেট, সাজসজ্জিত নলী আৰু অন্যান্য সহায়ক সঁজুলি ।