নেশ্যনেল ডেস্ক, ২২ মে’:শেহতীয়াকৈ লণ্ডনৰ পৰা ছিংগাপুৰলৈ যোৱা ছিংগাপুৰ এয়াৰলাইনছৰ এখন বিমানত আকাশৰ মাজতে বায়ুৰ বিশৃংখলিত প্ৰবাহত হোৱা তীব্ৰ জোকাৰণি(টাৰ্বুলেন্স) ৰ ফলত এজন ৭৩ বছৰীয়া ব্ৰিটিছ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পিচত ভিডিঅ'টো সামাজিক মাধ্য়মত শ্বেয়াৰ কৰাত আকৌ এবাৰ বিমান ভ্ৰমণ সুৰক্ষাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ।
ছিংগাপুৰ এয়াৰলাইন ফ্লাইট ট্ৰেকিং ফ্লাইটৰাডাৰ ২৪ ৰ তথ্য় অনুসৰি, বোয়িং ৭৭৭ খন ৩৭,০০০ ফুট উচ্চতাত গতি কৰি থকাৰ সময়তেই হঠাতে প্ৰায় কেইমিনিটমানৰ ব্যৱধানত ৩১,০০০ ফুটলৈ নামি আহে । তীব্ৰ জোকাৰণিৰে তললৈ নামি অহাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।
উল্লেখ্য় যে, এই বিমানখনত মুঠ ২১১ জন যাত্ৰী আৰু ১৮ জন কৰ্মচাৰী আছিল । বিমানখনত তীব্ৰ কম্পনৰ বাবে সৃষ্টি হোৱা অস্থিৰ মুহুৰ্তটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাত কেবিনটো কঁপি থকা আৰু যাত্ৰীসকলকে আসনত জোৰেৰে ধৰি থকা ভয়াৱহ দৃশ্য়টো সকলোৱে প্ৰত্য়ক্ষ কৰিছে ।
জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশৰ পৰিৱৰ্তনৰ মাজতে এই আচৰিত আৰু ভয়াৱহ ঘটনাটোৱে আকৌ এবাৰ বিমান ভ্ৰমণ সুৰক্ষাৰ বিষয়টোকলৈ প্ৰশ্নৰ অৱতৰণ কৰিছে । যেতিয়া গুৰুতৰ অস্থিৰ অৱস্থাৰ সৃষ্টি হয়, তেতিয়া যাত্ৰীসকল আঘাত হয় যদিও মৃত্যু হোৱাটো এক বিৰল ঘটনা বুলি ক'ব পাৰি ।
শেষবাৰৰ বাবে ২০২২ চনত এনে ঘটনা সংঘটিত হৈছিল যেতিয়া স্পাইচজেটৰ বিমানত টাৰ্বুলেন্সৰ ফলত অসুস্থ হোৱা আকবৰ আনছাৰী নামৰ এজন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল । সাধাৰণতে বিমানৰ পৰিচালকসকলে নিয়মীয়াকৈ যাত্ৰীসকলক তেওঁলোকৰ চিট বেল্ট বান্ধিবলৈ সতৰ্ক কৰে ।
ভাৰতীয় বিমানত টাৰ্বুলেন্স
ৰাজ্যসভাত কেন্দ্ৰীয় বিমান ৰাজ্যমন্ত্ৰী জেনেৰেল ড৹ ভি কে সিঙে দিয়া উত্তৰ অনুসৰি, ২০১৮ চনৰ পৰা ২০২২ চনৰ ডিচেম্বৰলৈকে মুঠ ৪৬ টা বিমান দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰে ২০১৮ চনত ৮ টা, ২০১৯ চনত ১০ টা, ২০২০ চনত ৭ টা, ২০২১ চনত ৯ টা আৰু ২০২২ চনত ১২ টা ।