অসম

assam

হিমাচলত ডাৱৰ বিস্ফোৰণ : নিৰুদ্দেশ ৪০ জন - Cloudburst in Shimla

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 11:27 AM IST

Updated : Aug 1, 2024, 12:40 PM IST

Cloudburst in Samej Khad in Rampur : আজি পুৱাই শিমলাৰ ৰামপুৰত বিস্ফোৰিত হৈছে ডাৱৰ । ফলত ৪০ জন লোক নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰা হৈছে । উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা লোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

Cloudburst in Rampur in Shimla
হিমাচলত ডাৱৰ বিস্ফোৰণ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১ আগষ্ট :পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত বিস্ফোৰিত হৈছে ডাৱৰ ৷ বাৰিষাৰ এই সময়তে ৰাজ্যখনৰ ওপৰৰ অঞ্চলত বিশেষকৈ শিমলাৰ ৰামপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

হিমাচলত ডাৱৰ বিস্ফোৰণ (ETV Bharat)

আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা সমেজ খড্ডৰ জল প্ৰকল্পৰ সমীপত সংঘটিত হোৱা এই ডাৱৰ বিস্ফোৰণৰ ফলত বহু ক্ষয়-ক্ষতি হৈছে বুলি তথ্য লাভ কৰা হৈছে ৷ ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱাৰ লগে লগে ৰামপুৰ মহকুমা প্ৰশাসন, এন ডি আৰ এফ, চি আই এছ এফ, হোম গাৰ্ড আৰু চিকিৎসা দল উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।

ডাৱৰ বিস্ফোৰণৰ ফলত বহু লোক নিৰুদ্দেশ হৈছে :

এছডিএম ৰামপুৰ নিশান্ত টোমাৰে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ডাৱৰ বিস্ফোৰণৰ ফলত বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ৷ আনকি ৪০ জন লোক নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে । একে সময়তে এই ধ্বংসলীলাৰ বাবে বহু ঠাইত ভাঙি গৈছে পথ ৷ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ যাৰ বাবে উদ্ধাৰকাৰী দলে দুই কিলোমিটাৰ পৰ্যন্ত কান্ধত ভাৰ বান্ধি খোজকাঢ়ি সা-সৰঞ্জাম লৈ উক্ত স্থানত উপস্থিত হৈছে । উদ্ধাৰকাৰী দলে ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।

হিমাচলত ডাৱৰ বিস্ফোৰণ (ETV Bharat)

লগতে পঢ়ক :উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ: যমুনোত্ৰী ধাম চৌহদকে ধৰি বহু অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি - Uttarakhand Weather

নিৰুদ্দেশ হোৱা লোকক বিচাৰি আৰম্ভ অভিযান :

ৰামপুৰৰ এছডিএমে জনোৱা মতে, উদ্ধাৰকাৰী দলত এই অভিযানৰ বাবে আইটিবিপি আৰু বিশেষ গৃহৰক্ষী দলকো অন্তৰ্ভুক্ত কৰা হৈছে । সকলো দলে ঐক্যবদ্ধভাৱে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । উদ্ধাৰ অভিযানৰ সময়ত এম্বুলেন্সকে ধৰি সকলো মৌলিক সা-সুবিধা মোতায়েন কৰা হৈছে ।

শিমলাৰ ৰামপুৰত বিস্ফোৰিত হৈছে ডাৱৰ (ETV Bharat)

এছডিএম ৰামপুৰ নিশান্ত টোমাৰে জানিবলৈ দিয়া মতে, এই প্ৰাকৃতিক দুৰ্যোগত নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উদ্ধাৰ অভিযান চলাই থকা হৈছে । সকলোকে বচাবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে ।

লগতে পঢ়ক :দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সামূহিক স্তৰলৈকে আগতীয়া সতৰ্কবাণী বিয়পোৱাটোৱেই মূল চাবিকাঠি : বিশেষজ্ঞ - LANDSLIDE IN WAYANAD

শিমলাৰ উপায়ুক্ত আৰু সহকাৰী আৰক্ষী অধীক্ষক ইতিমধ্যে উক্ত স্থানলৈ ৰাওনা হৈছে :

ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱাৰ লগে লগে শিমলাৰ উপায়ুক্ত অনুপম কাশ্যপ আৰু সহকাৰী আৰক্ষী অধীক্ষক সঞ্জীৱ গান্ধীও সেই স্থানলৈ ৰাওনা হৈছে । উপায়ুক্ত শিমলা অনুপম কাশ্যপে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে এন ডি আৰ এফৰ দল, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয় ।

হিমাচলত ডাৱৰ বিস্ফোৰণ (ETV Bharat)

অতিৰিক্ত উপ আয়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে, য’ত আৰক্ষী, গৃহৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চুন্নী বান্ধ পৰিচালনাকে ধৰি অন্যান্য বিভাগসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ৷

মন্ত্ৰী জেপি নাড্ডাৰ টুইট :

হিমাচল প্ৰদেশত সংঘটিত হোৱা প্ৰকৃতিক দুৰ্যোগকলৈ X ৰ মাধ্যমেৰে টুইট কৰিছে মন্ত্ৰী জেপি নাড্ডাই ৷ তেওঁ লিখিছে, ‘‘আজি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিপুল ক্ষতিৰ ফলত সাধাৰণ ৰাইজৰ স্বাভাৱিক জীৱন-যাপন ব্যাঘাত জন্মাৰ বাতৰি লাভ কৰি মই দুখিতঃ... ৷’’

লগতে পঢ়ক :আঢ়ৈশৰ কাষ চাপিল কেৰালাৰ ভূমিস্খলনত নিহতৰ সংখ্যা, সেনাই তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান - Wayanad landslides

Last Updated : Aug 1, 2024, 12:40 PM IST

ABOUT THE AUTHOR

...view details