অসম

assam

নিৰ্মীয়মাণ বিল্ডিঙৰ চাদ খহি মৃত্যু 4 শ্ৰমিকৰ : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেবাজনো - Building Roof Collapse

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 9:31 AM IST

Under-Construction Building Roof Collapse: নিৰ্মীয়মাণ এটা বিল্ডিঙৰ চাদ খহি মৃত্যু 4 শ্ৰমিকৰ । আহত কেবাজনো শ্ৰমিক ৷

RAJASTHAN
নিৰ্মীয়মাণ বিল্ডিঙৰ চাদ খহি মৃত্যু 4 শ্ৰমিকৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, 30 জুলাই :ৰাজস্থানত শোকাৱহ ঘটনা ৷ ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ খামনোৰত নিৰ্মাণাধীন এটা বিল্ডিঙৰ চাদ ভাঙি পৰাৰ ফলত থিতাতে মৃত্যু ঘটে 4 শ্ৰমিকৰ । সোমবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷ প্ৰায় 5 ঘণ্টা পৰ্যন্ত ধৰি চলোৱা উদ্ধাৰ অভিযানৰ অন্তত মঙলবাৰৰ পুৱা ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা 9 শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল ।

  • কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো

জিলা উপায়ুক্ত ডাঃ ভনৱাৰলালে কয়, "29 জুলাই সোমবাৰৰ নিশা সংঘটিত হৈছে ঘটনাটো ৷ নিশা নিৰ্মাণাধীন অট্টালিকাটোৰ চাদৰ তলৰ পৰা কিছু বাঁহৰ খুঁটা আঁতৰাই নিয়াৰ পিছত এই ঘটনা সংঘটিত হয় । 13 জন শ্ৰমিক বিল্ডিংটো চাফা আৰু ৰং কৰিবলৈ ভিতৰলৈ যোৱাৰ সময়তে চাদখন খহি পৰে ।"

চাদৰ তলত আৱদ্ধ হৈ হীৰালালে গাঁওবাসীক ফোনযোগে দুৰ্ঘটনা সম্পৰ্কে অৱগত কৰে আৰু গাঁওবাসীয়ে আৰক্ষীক জনায় ৷ ইয়াৰ পাচতে ভানৱৰলাল আৰু আৰক্ষী অধীক্ষক মনীষ ত্ৰিপাঠীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷

খামনোৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভগৱান সিং, নাথদ্বাৰৰ উপ-আৰক্ষী অধীক্ষক দীনেশ সুখৱালো উক্ত স্থানত উপস্থিত হয় । এছ ডি আৰ এফৰ এটা দল আৰু অসামৰিক প্ৰতিৰক্ষাৰ জোৱানসকলো উক্ত স্থানত উপস্থিত আছিল ।

  • নিশাই আৰম্ভ উদ্ধাৰ অভিযান

ধ্বংসাৱশেষ আঁতৰাবলৈ উক্ত স্থানলৈ কেবাখনো এস্কক্লেভেটৰ ব্যৱহাৰ কৰা হৈছিল আৰু লগতে চাদ আঁতৰাবলৈ ড্ৰিলিং মেচিনৰ প্ৰয়োজন হৈছিল । নিশা 11 বজাৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হয় আৰু কেইমিনিটমানৰ ভিতৰতে তিনিজন লোকক উদ্ধাৰ কৰা হয় ।

  • আহতসকলৰ পৰিচয়

এই উদ্ধাৰ অভিযান পুৱা প্ৰায় 3 বজাত সম্পূৰ্ণ হয় । আহতসকলৰ ভিতৰত আছে তুলসীৰাম ছালৱীৰ পুত্ৰ হীৰালাল (30), শংকৰ ছালৱীৰ পুত্ৰ মংগিলাল (35), মোহনলাল ছালভিৰ পুত্ৰ মিথুলাল (30), মোহনলাল ছালভিৰ পুত্ৰ লক্ষ্মণ (35), ভেৰাৰ পুত্ৰ লক্ষ্মণ (35), খীমা ছালভিৰ পুত্ৰ গোপিলাল (65) ।

  • নিহত হোৱা লোককেইজন

মৃত্যু হোৱা লোককেইজন হ’ল শংকৰলাল ছালৱীৰ পুত্ৰ ভাগৱতীলাল (40), লাছা ছালৱীৰ পুত্ৰ ভানৱাৰলাল (50), নৰুলাল ছালভিৰ পুত্ৰ শান্তিলাল (35) আৰু ভেনা ছালৱীৰ পুত্ৰ কালুলাল (40) বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনা : আহত বহু ৰে’লযাত্ৰী - Jharkhand train accident

সতীৰ্থৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল ইউ পি এছ চি প্ৰত্যাশী - Rau’s IAS Study circle in Delhi

ABOUT THE AUTHOR

...view details