নেশ্যনেল ডেস্ক, 24 মে’ :মহাৰাষ্ট্ৰৰ থানে জিলাৰ ডম্বিভলীত বৃহস্পতিবাৰে এটা ৰাসায়নিক কাৰখানাত বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ ৰাসায়নিক কোম্পানীত হোৱা এই বিস্ফোৰণত 9 জন নিহত আৰু 64 জন আহত হয় । বিস্ফোৰণস্থলীৰ পৰা অগ্নিনিৰ্বাপক বাহিনীয়ে 9 জন লোকৰ জ্বলি যোৱা মৃতদেহ উলিয়াই আনিছে বুলি জানিব পৰা গৈছে ।
ইয়াৰ লগতে, মুখ্যমন্ত্ৰী একনাথ সিন্দেই এই দুৰ্ঘটনাত নিহতসকলক এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । ডম্বিভলী এমআইডিচি অঞ্চলৰ বিপজ্জনক ৰাসায়নিক কোম্পানীসমূহ চহৰৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সন্দৰ্ভত চৰকাৰী পৰ্যায়ত নিশ্চিতভাৱে সিদ্ধান্ত লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় ।
জানিব পৰা মতে, আহতসকল এইমছ আৰু নেপচুন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই । এম্বাৰ কেমিকেল কোম্পানীৰ চাৰিটা বয়লাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত ৰাসায়নিক পদাৰ্থ ৰখা পাত্ৰ ফাটি সমীপৰ ঘৰবোৰৰ খিৰিকীৰ কাঁচ ভাঙি যায় ৷