নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : ৰাজধানী দিল্লীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা ৷ ৰাজধানী চহৰখনৰ আলিয়ে-গলিয়ে অপৰাধীৰ টিঘিল ঘিলনি ৷ প্ৰতিদিনে বিভিন্ন গেঙৰ গেংষ্টাৰে সংঘটিত কৰি আহিছে বিভিন্ন অপৰাধ ৷ শেহতীয়াকৈ দিল্লী ডেহাটৰ নাজাফগড় অঞ্চলৰ পৰা পোহৰলৈ আহিছে আন এক ঘটনা ৷ য’ত অজ্ঞাত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ইফালে এই গুলীচালনাৰ ঘটনাত দুজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে ৷
দ্বাৰকাৰ ডিচিপি অংকিত সিঙে এই কথা নিশ্চিত কৰি কয় যে আৰক্ষীয়ে নাজাফগড় থানা এলেকাৰ পৰা প্ৰথম পিচিআৰ ফোন লাভ কৰিছিল ৷ য’ত ফোন কৰাজনে কয় যে 80 নম্বৰ পিলাৰৰ ওচৰৰ চেলুন এখনৰ ভিতৰত এজন যুৱকক গুলীয়াই হত্যা কৰা হৈছে ৷ কিছুসময়ৰ পাছত আৰক্ষীলৈ আন এটা ফোন আহিছিল, য’ত কোৱা হৈছিল যে গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা দুজন লোকক মোহন গাৰ্ডেন অঞ্চলৰ এখন চিকিৎসালয়লৈ অনা হৈছে ৷ চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু হয় ৷ নিহত দুজন চনু আৰু আশীষ বুলি চিনাক্ত কৰা হৈছে ৷