নতুন দিল্লী : উত্তৰ প্ৰদেশৰ সম্ভলৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । উত্তৰ প্ৰদেশ চৰকাৰে বিভাজন সৃষ্টি কৰাৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ । ইফালে বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰো দাবী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।
- যোগী চৰকাৰক সমালোচনা কংগ্ৰেছৰ
Xৰ এটা পোষ্টত প্ৰিয়ংকা গান্ধীয়ে কয়, "উত্তৰ প্ৰদেশৰ সম্ভলত হঠাতে হোৱা বিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী অতি দুৰ্ভাগ্যজনক । প্ৰশাসনে যিদৰে দুয়োপক্ষক বিশ্বাসত নলোৱাকৈ আনটো পক্ষৰ কথা নুশুনি এনে এক সংবেদনশীল বিষয়ত খৰখেদাকৈ কাম কৰিছিল, ই দেখুৱায় যে চৰকাৰে নিজেই তাত পৰিৱেশ নষ্ট কৰিছে ।"
কংগ্ৰেছ নেত্ৰীগৰাকীৰ মতে প্ৰশাসনে উপযুক্ত প্ৰক্ৰিয়া আৰু কৰ্তব্য পালন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাই ।প্ৰিয়ংকা গান্ধীয়ে লগতে কয়, "ক্ষমতাত থাকি বৈষম্য, উৎপীড়ন আৰু বিভাজন বিয়পাবলৈ চেষ্টা কৰাটো জনসাধাৰণ বা দেশ বিৰোধী । সন্মানীয় উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত আৰু ন্যায় প্ৰদান কৰা উচিত ।"