অসম

assam

By PTI

Published : Aug 17, 2024, 8:31 AM IST

ETV Bharat / bharat

শিলত খুন্দা মাৰি লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ - Sabarmati Express Train Accident

Sabarmati Express derail: পুনৰ লাইনচ্যুত হ’ল চলন্ত ৰে’ল ৷ শুকুৰবাৰৰ মাজ নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ৰে’ল দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত কোনো ধৰণৰ জীৱন অথবা সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱা নাই । ৰে’ল বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷

Sabarmati Express derail near Kanpur, no injuries reported
সৱৰমতী এক্সপ্ৰেছ (ANI)

নেশ্যনেল ডেস্ক, 17 আগষ্ট:পুনৰৰে’ল দুৰ্ঘটনা ৷শুকুৰবাৰে নিশা প্ৰায় 2:30 বজাত কানপুৰ-ভীমসেনত 19168 নম্বৰৰ সাবৰমতী এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হৈ পৰে । জানিব পৰা গৈছে যে ৰে’লখনৰ 22 টা দবা ৰেলপথৰ পৰা বাগৰি গৈছে । দুৰ্ঘটনাটোত কোনো ধৰণৰ লোকৰ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই । ৰে’ল বিভাগে জানিবলৈ দিয়া অনুসৰি ৰে’লখনৰ ইঞ্জিনটোৱে ব’ল্ডাৰত খুন্দা মৰাৰ ফলত ইঞ্জিনৰ কেটল গাৰ্ডটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ।

ৰে’লখনৰ চালকগৰাকীয়ে কয় কোনো বোল্ডাৰত ইঞ্জিনৰ আগফালৰ অংশই খুন্দা মাৰিছিল যাৰ ফলত এই অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ বেঁকা হৈ পৰিছে ।

ৰে’লৱে বিভাগে জনোৱা অনুসৰি এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবেই 7 খন ৰে’ল বাতিল আৰু 3 খন ৰে’লৰ গতিপথ সলনি কৰা হৈছে ।

যাত্ৰীৰ সুবিধাৰ্থে বাছৰ ব্যৱস্থা

দুৰ্ঘটনাস্থলীৰ অন্তৰ্গত উত্তৰ কেন্দ্ৰীয় ৰে’লৱে মণ্ডলৰ মুখ্য জনসংযোগ বিষয়া শশীকান্ত ত্ৰিপাঠীয়ে কয় যে দুৰ্ঘটনাস্থলীৰ পৰা কানপুৰ ৰে’ল ষ্টেচনলৈ যাত্ৰী কঢ়িয়াই নিব পৰাকৈ বাছৰ ব্যৱস্থা কৰা হৈছিল ।

ত্ৰিপাঠীয়ে কয় যে ইয়াৰ উপৰিও যাত্ৰীসকলক কানপুৰলৈ ঘূৰাই নিবলৈ কানপুৰৰ পৰা দুৰ্ঘটনাস্থলীলৈ এখন আঠটা দবাযুক্ত এম ই এম ইউ ৰে’ল ৰাওনা হৈছিল যাতে যাত্ৰীসকলক নিজ নিজ গন্তব্যস্থানলৈ প্ৰেৰণ কৰিব পৰা যায় ।

হেল্পলাইন নম্বৰ মুকলি

ৰে’লৱেই তলত দিয়া হেল্পলাইন নম্বৰসমূহ জাৰি কৰিছে:- প্ৰয়াগৰাজ: 0532-2408128, 0532-2407353, কানপুৰ: 0512-2323018, 0512-2323015, মিৰ্জাপুৰ: 054422200097, ইটাৱা 7525001249, টুণ্ডলা: 73249959702, আহমেদাবাদ: 07922113977, বেনাৰস চহৰ: 8303994411, গোৰখপুৰ: 0551-2208088 ।

ইয়াৰ উপৰিও ঝাঁচী ৰেল সংমণ্ডলৰ বাবে তলত দিয়া হেল্পলাইন নম্বৰসমূহ মুকলি কৰা হৈছে : বিৰংগনা লক্ষ্মীবাই ঝান্সী জেন) -0510-2440787 আৰু 0510- 2440790 । ওৰাই -05162-252206 , বাণ্ডা-05192-227543, ললিতপুৰ জেন -07897992404 পিটিআই জেপি জিএছপি ৷

লগতে পঢ়ক:গ’ণ্ডা ৰে’ল দুৰ্ঘটনাৰ চি আৰ এছ তদন্তৰ প্ৰতিবেদন: গাফিলতিৰ বাবে লাইনচ্যুত হৈছিল ৰে’ল - Dibrugarh Express Derail

উত্তৰ প্ৰদেশৰ ৰেল দুৰ্ঘটনাত হতাহত অসমৰ ৪২ গৰাকী যাত্ৰী ডিব্ৰুগড়ত উপস্থিত

ABOUT THE AUTHOR

...view details