অসম

assam

ETV Bharat / bharat

মিজোৰামত কিয় ৮ ঘন্টা অন্ধকাৰত ডুবিল অসম ৰাইফলছৰ চকী ?

মন্ত্ৰীয়েই দেখুৱালে শিশুসূলভ আচৰণ । টহল দিয়া নিৰাপত্তাৰক্ষীকেই কৰিলে গালি-গালাজ ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Mobile Vehicle Check Post
শক্তিমন্ত্ৰীৰ কনভয় ৰখোৱাত ক্ষুন্ন (Assam Rifles)

গুৱাহাটী: শক্তিমন্ত্ৰীয়ে দেখুৱালে শক্তি । শক্তিমন্ত্ৰীৰ কনভয় ৰখোৱা বাবে ৮ ঘন্টা এন্ধাৰত থাকিবলগীয়া হ'ল অসম ৰাইফলছৰ কেইবাটাও চকী । পথত নিয়মীয়া টহলৰ বাবে নিৰাপত্তাৰক্ষীয়ে শক্তিমন্ত্ৰীৰ কনভয় ৰখোৱাত ক্ষুন্ন হৈ নিৰ্দেশ দিলে অসম ৰাইফলছৰ সকলো চকীত বিদ্যুৎ কৰ্তনৰ । ক'ত সংঘটিত হৈছে এই ঘটনাটো ?

এই ঘটনাটো যোৱা বৃহস্পতিবাৰে সংঘটিত হয় মিজোৰামৰ আইজলৰ উপকণ্ঠত অৱস্থিত জোখাৱচাংস্থিত এ আৰ ম'বাইল ভেহিকল চেক পোষ্ট (এমভিচিপি)ত । মিজোৰামৰ শক্তিমন্ত্ৰী এফ ৰোডিংলিয়ানাৰ কনভয় বন্ধ কৰি দিয়াৰ পিছত বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৮.৩০ বজালৈ মিজোৰামত থকা অসম ৰাইফলছৰ সকলো চকীত বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয় ।

শক্তিমন্ত্ৰীৰ কনভয় ৰখোৱাত ক্ষুন্ন (Assam Rifles)

আনহাতে, মন্ত্ৰী আৰু তেওঁৰ নিৰাপত্তা কৰ্মীয়ে অভিযোগ উত্থাপন কৰি কয় যে অসম ৰাইফলছে মন্ত্ৰীগৰাকীৰ কনভয়ত বাধা প্ৰদান কৰিছিল । অসম ৰাইফলছেও এই ঘটনা সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যে কনভয়টোক যাবলৈ পথ এৰি দিয়া হৈছিল । এই কনভয়টোৱে তাত থমকি ৰোৱাৰ সিদ্ধান্ত নিজেই লৈছিল ।

একেদিনাই দিনৰ 2 বজাৰ পৰা বিদ্যুৎ কৰ্তন

এই ঘটনাটোৰ পিছতেই সমগ্ৰ মিজোৰামৰ অসম ৰাইফলছৰ সকলো চকীত একেদিনাই দিনৰ 2 বজাৰ পৰা বিদ্যুৎ কৰ্তন কৰা হয় । তেওঁলোকৰ কাৰ্যকলাপত বাধা দিয়া বাবেই ইচ্ছাকৃতভাৱে মিজোৰাম চৰকাৰে এই পদক্ষেপ লোৱা বুলি অসম ৰাইফলছে সন্দেহ প্ৰকাশ কৰিছে ।

১৭ অক্টোবৰত সংঘটিত হৈছিল ঘটনাটো

অসম ৰাইফলছৰ মুখপাত্ৰই এক বিবৃতিত উল্লেখ কৰে যে ঘটনাটো ১৭ অক্টোবৰত সংঘটিত হৈছিল । বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি সম্ভাৱ্য় যুদ্ধসদৃশ পৰিৱেশ প্ৰতিৰোধ কৰাৰ উদ্দেশ্য়েই জোখাৱচাঙৰ ওচৰত অসম ৰাইফলছে এটা মোবাইল ভেহিকল চেক পোষ্ট (এম ভি চি পি) স্থাপন কৰিছিল । বিবৃতিত উল্লেখ কৰি কয়,"যেতিয়া চাৰিখন বাহনৰে গঠিত ৰোডিংলিয়ানাৰ কনভয় চেক পইণ্টৰ ওচৰলৈ আহিছিল মন্ত্ৰীগৰাকীৰ বাহনখন মান অনুসৰিসেই পাৰ হ'বলৈ দিয়া হৈছিল । অৱশ্যে অসামৰিক বাহনৰ ওপৰত নিয়মীয়া পৰীক্ষা চলি থকা স্থানত কনভয়টো স্বেচ্ছাই ৰৈছিল । "

অসম ৰাইফলছৰ মুখপাত্ৰগৰাকীয়ে পুনৰ কয়," মন্ত্ৰীগৰাকীৰ সচিবে তেওঁৰ বাহনৰ পৰা ওলাই আহি নিজৰ জেকেটটো আঁতৰাইছিল আৰু কৰ্তব্যৰত অসম ৰাইফলছৰ কৰ্মীসকলক গালি-গালাজ কৰিছিল । তেওঁ সৈনিকসকলৰ পৰা বলপূৰ্বক বডী কেমেৰাও কাঢ়ি লৈছিল । আনহাতে,কনভয়ৰ আন সদস্যসকলে "ভাৰতলৈ ঘূৰি যাওক"ৰ দৰে দেশপ্ৰেমহীন মন্তব্যকে ধৰি অশোভনীয় আচৰণত লিপ্ত হৈছিল ।" ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কিছুমান ভিডিঅ'ৰ উদ্ধৃতি দি অসম ৰাইফলছৰ মুখপাত্ৰগৰাকীয়ে কয় ।

অসম ৰাইফলছে পুনৰ কয় যে ঘটনাটোৰ বিষয়ে অনলাইনত প্ৰচাৰিত ভিডিঅ'বোৰত মন্ত্ৰীগৰাকীৰ কৰ্মচাৰীসকলে অসম ৰাইফলছৰ বিদ্যুৎ যোগান বন্ধ কৰাৰ ভাবুকি স্পষ্টভাৱে দেখুৱাইছে । বিবৃতিত উল্লেখ কৰি কয়,"পৰৱৰ্তী সময়ত মিজোৰামৰ অসম ৰাইফলছৰ চকীসমূহত প্ৰভাৱ খটুৱাই বিদ্যুৎ কৰ্তনেৰে কাৰ্যকলাপত বাধা দিয়াৰ লক্ষ্যৰে এক ইচ্ছাকৃত পদক্ষেপ গ্ৰহণ কৰা যেন অনুমান হৈছে ।"

দেশৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ভিতৰত অন্যতম অসম ৰাইফলছে ইণ্ডো-ম্যানমাৰ সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ আছে । অসম ৰাইফলছ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হয় । আনহাতে,কাৰ্যকৰী নিয়ন্ত্ৰণ ভাৰতীয় সেনাৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াত উল্লেখ কৰিব পাৰি যে মিজোৰাম হৈছে উত্তৰ-পূব ভাৰতৰ এখন স্থলবেষ্টিত ৰাজ্য যাৰ দক্ষিণ অংশ ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে ৭২২ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে ।

ইচ্ছাকৃতভাৱে অৱৰোধ কৰিবলৈ কনভয় ৰখোৱা হৈছিল

অসম ৰাইফলছে আৰু স্পষ্ট কৰি দিয়ে যে মন্ত্ৰীগৰাকীৰ কনভয়ক স্পষ্টকৈ পথ এৰি দিয়া হৈছিল আৰু থমকি ৰোৱাৰ সিদ্ধান্ত কনভয়েই লৈছিল । অসম ৰাইফলছৰ মুখপাত্ৰগৰাকীয়ে কয়, " ঘটনাটোৰ ভিডিঅ'বোৰে স্পষ্টকৈ দেখুৱাইছে যে কনভয়ৰ পৰা এখন বাহন ইচ্ছাকৃতভাৱে ৰাস্তাটো অৱৰোধ কৰিবলৈ ৰখা হৈছিল, সম্ভৱতঃ সংঘৰ্ষৰ বাবে।"

"ঘটনাটোৰ পিছত মিজোৰামত অসম ৰাইফলছৰ স্থানসমূহত বিদ্যুৎ কৰ্তনৰ ফলত কাৰ্যকৰী তৎপৰতা বিপদাপন্ন হয় আৰু সীমান্ত অঞ্চলত নিৰাপত্তাৰ বিপদাশংকা সৃষ্টি হয় । " একেটা বিবৃতিতেই এইদৰে উল্লেখ কৰে অসম ৰাইফলছে ।

অসম ৰাইফলছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে বাহিনীটোক ৫১০ কিলোমিটাৰ ভাৰত-ম্যানমাৰ সীমান্ত ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু এন ডি পি এছ আইনৰ অধীনত অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ মোকাবিলা কৰাৰ দায়িত্বও দিয়া হৈছে । য'ত এই বছৰ এতিয়ালৈকে ১৩০ ৰো অধিক অভিযানত ৬৯০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী মিজোৰামৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওচৰত ধৰা পৰিছে । এই পথেৰে চোৰাং অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সৰৱৰাহ হয় । অসম ৰাইফলছে ৰাজ্য আৰু ৰাষ্ট্ৰ দুয়োৰে নিৰাপত্তা বজাই ৰখাৰ বাবে অভিযান চলায় ।

লগতে পঢ়ক:অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখল: নাগালেণ্ডৰ দখলত অসমৰ সৰ্বাধিক ভূমি

লগতে পঢ়ক:অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখল: নাগালেণ্ডৰ দখলত অসমৰ সৰ্বাধিক ভূমি - Assam land encroached

অসম-মিজোৰাম সীমা সমস্যাৰ সমাধানত গুৰুত্ব দুয়োখন চৰকাৰৰ: মন্ত্রী অতুল বৰা - Assam Mizoram border issue

ABOUT THE AUTHOR

...view details