নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ :মধ্য প্ৰদেশৰ মহুত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বাডগোণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত জাম গেটৰ সমীপত দুগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত সেনা বিষয়াক লুটি লৈ গ'ল দুৰ্বৃত্তই । মঙলবাৰে নিশা এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি অভিযুক্তই তেওঁলোকক বন্দী কৰি ৰাখিছিল আৰু ১০ লাখ টকা দাবী কৰিছিল । একে সময়তে দুৰ্বৃত্তই ভুক্তভোগী সেনা বিষয়াৰ প্ৰেমিকাক ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ লগে লগে আৰক্ষীয়ে ৬ গৰাকী অভিযুক্তক চিনাক্ত কৰিছে ।
প্ৰেমিকাৰ সৈতে ফুৰিবলৈ গৈছিল
জানিব পৰা মতে উত্তৰ প্ৰদেশৰ দুগৰাকী সেনা মহুৰ ইনফেণ্ট্ৰী স্কুলত প্ৰশিক্ষণৰ বাবে আহিছিল । তেওঁলোকৰ সৈতে নিজৰ নিজৰ প্ৰেমিকাও আহিছিল । মঙলবাৰে নিশা দুয়োগৰাকী সেনা বিষয়া আৰু তেওঁলোকৰ প্ৰেমিকা কেইগৰাকী মহুৰ পৰ্যটনস্থলী জাম গেটৰ সমীপত ফুৰিবলৈ গৈছিল । অভিযোগ অনুসৰি নিশা প্ৰায় ২.৩০ মান বজাত, তেওঁলোকক প্ৰায় ৭ ৰ পৰা ৮ জন লোকে আক্ৰমণ কৰে আৰু লুটপাত কৰে । এই ঘটনাত তেওঁলোক গুৰুতৰভাৱে আহত হয় । তেওঁলোকক পিছফালৰ পৰা আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে ।
প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ !