নেশ্যনেল ডেস্ক, 21 এপ্ৰিল:ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ অকলেৰা থানা এলেকাত সংঘটিত হৈছে এই হৃদয় বিদাৰক দুৰ্ঘটনাটো । দ্ৰুতগতিত অহা ট্ৰলী এখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ভেনত খুন্দা মৰাৰ ফলত একেটা অঞ্চলৰ 9 জনকৈ লোকৰ মৃত্যুৰ ঘটে ।
দেওবাৰৰ পুৱাই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । ঘটনা সন্দৰ্ভত জানিব পৰা মতে আটাইকেইজন লোক মধ্যপ্ৰদেশৰ পৰা এখন ভেনেৰে দুগৰগাঁৱত থকা নিজৰ ঘৰলৈ উভতি আহিছিল । সেই সময়তে পচোলাৰ সমীপত এখন ট্ৰলীয়ে নিয়ন্ত্ৰণ হেৰুৱায় ভানখনত খুন্দা মাৰে ।
অকলেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ বিষ্ণৈয়ে জনোৱা মতে, শনিবাৰে অকলেৰাৰ সমীপৰ ডুংগাৰ গাঁৱৰ বাগৰি সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ আত্মীয়ৰ বিবাহ অনুষ্ঠানৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল । উক্ত বিবাহ কাৰ্যসূচীৰ পৰা ঘৰ অভিমুখে গৈ থাকোতে ভ্যানখনত তীব্ৰবেগী ট্ৰলী এখনে খুন্দা মাৰে । এই দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু ঘটিছে । বৰ্তমান আৰক্ষীয়ে মৃতদেহবোৰ অকলেৰাৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ৰাখিছে ।