অসম

assam

ETV Bharat / bharat

আৰ জি কৰ অভিযোগনামা : অভিযুক্তৰ তেজৰ দাগ, ডি এন এ প্ৰতিবেদনকে ধৰি 11 টা প্ৰমাণ উল্লেখ চি বি আইৰ - RG KAR CBI PROBE

RG Kar Charge Sheet : চি বি আইৰ অভিযোগনামাত সঞ্জয় ৰয়ক চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ একমাত্ৰ অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে ।

RG Kar Charge Sheet
আৰ জি কৰ গোচৰৰ অভিযোগনামা দাখিল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 9, 2024, 2:33 PM IST

নিউজ ডেস্ক, ৯ অক্টোবৰ :আৰ জি কৰ চিকিৎসালয়ত এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাত গ্ৰেপ্তাৰ কৰা কলকাতা আৰক্ষীৰ সামাজিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক 'একমাত্ৰ অভিযুক্ত' হিচাপে চি বি আয়ে উল্লেখ কৰিছে । এই ক্ষেত্ৰত চি বি আইৰ অভিযোগনামাত ডি এন এ আৰু তেজৰ নমুনাৰ প্ৰতিবেদনৰ দৰে ১১ টা প্ৰমাণ নথিভুক্ত কৰিছে ।

কেন্দ্ৰীয় সংস্থাটোৱে ৰয়ৰ বিৰুদ্ধে প্ৰমাণ হিচাপে ভুক্তভোগীৰ শৰীৰত তেওঁৰ ডি এন এৰ অৱস্থিতি, চুটি চুলি, শৰীৰত আঘাত, ভুক্তভোগীৰ তেজৰ দাগ, চিচিটিভি ফুটেজ আৰু কল ৰেকৰ্ডৰ বিৱৰণ অনুসৰি তেওঁৰ মোবাইল ফোনৰ অৱস্থানৰ কথা উল্লেখ কৰে ।

পি টি আইৰ হাতত থকা অভিযোগনামখনৰ প্ৰতিলিপিত লগতে উল্লেখ কৰা হৈছে যে ৰয়ে 'ভুক্তভোগীৰ দ্বাৰা প্ৰতিৰোধ/সংগ্ৰামৰ চিহ্নৰ দৰে সামঞ্জস্য থকা আঘাত লাভ কৰিছে' । উল্লেখ্য যে ৰয়ক ১০ আগষ্টত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

"আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আৰু লগতে জৰুৰীকালীন ভৱনৰ তৃতীয় মহলাত তেওঁৰ (ৰয়ৰ) উপস্থিতি য'ত অপৰাধৰ দৃশ্য আছে, সেয়া 8 আৰু 9 আগষ্টৰ মাজনিশাৰ চিচিটিভি ফুটেজৰ দ্বাৰা প্ৰমাণিত হয় । চি ডি আৰ অনুসৰি, তেওঁৰ মোবাইল ফোনৰ অৱস্থানৰ দ্বাৰাও তেওঁৰ উপস্থিতি প্ৰমাণিত হয় ।" চি বি আইৰ অভিযোগনামাত কোৱা হৈছে ।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে সোমবাৰে স্থানীয় আদালতত দাখিল কৰা অভিযোগনামাত মৃত মহিলাগৰাকীক 'ভি'ৰ বুলি উল্লেখ কৰিছে ।

উল্লেখ্য যে ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ছেমিনাৰ হলৰ পৰা ৩১ বছৰীয়া মহিলা চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

"কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ প্ৰতিবেদন অনুসৰি, অভিযুক্ত সঞ্জয় ৰয়ৰ জব্দ কৰা মোবাইল ফোনৰ সৈতে অপৰাধস্থলীৰ পৰা পোৱা এটা ব্লুটুথ ইয়াৰফোনৰ সংযোগ আছিল । উল্লেখ্য যে অভিযুক্ত সঞ্জয় ৰয়ক ৮ আৰু ৯ আগষ্টৰ মাজনিশা অপৰাধস্থলীৰ দিশে আগবাঢ়ি যোৱা দেখা গৈছিল । তেওঁ এডাল ব্লুটুথ ইয়াৰফোন নেকবেণ্ড পিন্ধি আছিল । কিন্তু অপৰাধস্থলীৰ পৰা লিফ্টলৈ উভতি অহাৰ সময়ত তেওঁৰ ডিঙিত থকা ইয়াৰফোনডাল নাই ।" অভিযোগনামখনত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :আৰ জি কৰকাণ্ডৰ তথ্য-প্ৰমাণ কোনে নষ্ট কৰিছিল ? প্ৰতিবাদী চিকিৎসক-মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ কাৰণ সমূহ - RG Kar incident
লগতে পঢ়ক :প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্য়া; কনিষ্ঠ চিকিৎসকৰ ধৰ্মঘট সমাপ্ত কৰাৰ সিদ্ধান্ত - Trainee Doctor Rape Murder Case

ABOUT THE AUTHOR

...view details