আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুৱতি নিশা প্ৰায় 3 বজাত জিৰিবামৰ লেইনগাংপকপি অঞ্চলত মণিপুৰ আৰক্ষীৰ সৈতে কুকি উগ্ৰপন্থীৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ গুলীচালনাৰ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা জিৰিবাম আৰক্ষী থানাৰ দূৰত্ব মাত্ৰ ছয় কিল’মিটাৰ ৷ এই ঘটনাৰ পাচত আৰক্ষীৰ এটা দল আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷ কুকি উগ্ৰপন্থীসকলে এই দলটোৰ ওপৰতো গুলীচালনা কৰে ৷
ঘটনা সংক্ৰান্তত জিৰিবামৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা তথ্য অনুসৰি, পুনৰ 11.30 বজাত জিৰিবামৰ গোলাৰ্থল এলেকাত কেইবাটাও ঘৰ জ্বলাই দিয়ে অচিনাক্ত দুৰ্বৃত্তই ৷ পৰৱৰ্তী সময়ত আৰক্ষী আৰু অসম ৰাইফলছৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এই দুয়োটা কাণ্ডতে কুকি উগ্ৰপন্থী জড়িত থকাৰ বিষয়ে তথ্য লাভ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ চাঞ্চল্যকৰ ভিডিঅ’ সম্প্ৰতি পোহৰলৈ আহিছে ৷ বিগত জুন মাহৰে পৰা মণিপুৰত বিৰাজ কৰিছে অশান্তজৰ্জৰ পৰিস্থিতিয়ে ৷ এজন যুৱকৰ প্ৰথমে নিৰুদ্দেশ আৰু তাৰপিচত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সূত্ৰপাত ঘটিছিল ৷ পৰৱৰ্তী সময়ত এই পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷