নেশ্যনেল ডেস্ক, 28 জানুৱাৰী:হিমাচল প্ৰদেশৰ চিমলা জিলাৰ ৰামপুৰত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এখন HRTC বাছত এগৰাকী মহিলাক বাছ চালকে ধৰ্ষণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । মহিলাগৰাকী খানেৰীৰ বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীয়ে বাছ চালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে ।
মহিলাগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি, তেওঁ নিউ বাছ ষ্টেণ্ড ৰামপুৰত বাছ চালকজনক লগ পাইছিল ৷ চালকজনে তেওঁক বাছৰ ভিতৰলৈ মাতিছিল আৰু বলপূৰ্বকভাৱে তেওঁৰ সৈতে অপকৰ্মত লিপ্ত হৈছিল । ইতিমধ্যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বাছ চালকজনৰ বিৰুদ্ধে আইপিচিৰ অধীনত U/S 376 এটা গোচৰ ৰুজু কৰিছে ।
চালকগৰাকীক পূৰ্বতে চিনি পাইছিল মহিলাগৰাকীয়ে:ৰামপুৰৰ বাসিন্দা মহিলাগৰাকী বিবাহিত আছিল ৷ তেওঁ হিমাচল প্ৰদেশ পথ পৰিবহন নিগমৰ চালক কেশৱ ৰামৰ সৈতে পূৰ্বতে পৰিচিত আছিল । ইয়াৰ সুযোগ লৈ কেশৱ ৰামে মহিলাগৰাকীক লগ কৰিবলৈ মাতিছিল আৰু অসৎ অভিপ্ৰায় সিদ্ধি কৰিছিল । কেশৱে ৰামে তেওঁক অজুহাত দেখুৱাই বাছৰ ভিতৰলৈ মাতি লৈ গৈছিল ।