নেশ্যনেল ডেস্ক, 22 জানুৱাৰী :500 বছৰৰ ইতিহাস ৷ ৱাস্তবায়িত হ’বলৈ গৈছে শতক গৰকা সপোন ৷ আজি অৰ্থাৎ 22 জানুৱাৰীত দেশবাসী সাক্ষী হ’ব মাহেন্দ্ৰ ক্ষণৰ ৷ আজি বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাদেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ যোৱা 6 দিন ধৰি অব্যাহত থকা ৰীতি-নীতিৰ পিচত আজি অভিষেকৰ মুখ্য অনুষ্ঠান অনুষ্ঠিত হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বহু বিদেশী অতিথি এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ অংশ হ'ব । আজি বছৰজোৰা নিৰ্বাসন শেষ কৰি নিজ গৃহলৈ উভতি আহিব দশৰথ নন্দন ৷
দেওবাৰে, ৰামৰ শিশু ৰূপৰ 125 টা ভাণ্ডাৰ পবিত্ৰ পানীৰে স্নান কৰা হৈছিল । ইয়াৰ পিচত, তেওঁক শৈধিৱাস ৰীতিৰ অধীনত নিচুকনি গীত পৰিৱেশন কৰি শুৱাই দিয়া হৈছিল । সোমবাৰে পুৱতি নিশা ৰামৰ শিশু ৰূপক হাততালি আৰু মংগল উৰুলিৰ ধ্বনিৰে জগোৱা হৈছিল । তেওঁ চকু মেলাৰ লগে লগে তেওঁক প্ৰথমে এখন আইনা দেখুওৱা হয় ৷
ৰাম লাল্লাৰ অভিষেকৰ বাবে ছয় দিনীয়া ৰীতি-নীতি মঙলবাৰৰ পৰা আৰম্ভ হৈছে । মঙলবাৰে, প্ৰায়শ্চিত্ত আৰু কৰ্ম কুটি পূজা কৰা হৈছিল । বুধবাৰে, ৰামৰ শিশু ৰূপী মূৰ্তিভাগ মন্দিৰৰ চৌহদত ভ্ৰমণ কৰোৱা হৈছিল । ইয়াৰ পিচত, তেওঁক মন্দিৰত প্ৰৱেশ কৰোৱা হয় । তাৰ পিচতে বৃহস্পতিবাৰে তীৰ্থ পূজন, জল যাত্ৰা, জলধিভাস আৰু গন্ধাধিভাসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ৰামৰ শিশুৰূপী মূৰ্তিটো পানীৰে গা ধুওৱা হৈছিল । সন্ধিয়া, তেওঁৰ শৰীৰত সুগন্ধি তৰল লেপন কৰা হৈছিল । ইয়াৰ পিচত, ৰামৰ শিশুৰূপী মূৰ্তিভাগ এক শুভ সময় নিৰ্ধাৰণ কৰি মন্দিৰৰ গৰ্ভগৃহত স্থাপিত কৰা হৈছিল ৷
এই ঐতিহাসিক অনুষ্ঠানৰ সময়সূচী হৈছে -
22 জানুৱাৰীৰ পুৱা, ৰাম জন্মভূমি চৌহদত চলি থকা ৰীতি-নীতিৰ অংশ হিচাপে হাৱন কুণ্ডত নৈবেদ্য প্ৰদান কৰা হ’ব।
প্ৰাণ প্ৰতিষ্ঠলৈ আমন্ত্ৰণ জনোৱাসকলে ৰাতিপুৱা প্ৰায় 9 বজাৰ পৰা আহিবলৈ আৰম্ভ কৰিব । সুৰক্ষাৰ ক্ষেত্ৰত লক্ষ্য ৰাখি অতিথিসকলৰ বাবে বিভিন্ন শাৰী অনুযায়ী বহাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা 10.25 বজাত অযোধ্যা বিমানবন্দৰত উপস্থিত হ'ব ৷ তাৰ পিচতে তেওঁ 10.55 বজাত ৰাম মন্দিৰত উপস্থিত হ'ব ৷
প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান দুপৰীয়া 12.15 বজাৰ পৰা 12.45 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব ।
দুপৰীয়া 12.20 ত প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান ৰামৰ মূৰ্তিৰ চকুৰ ওপৰত বান্ধি থোৱা ক’লা কাপোৰ আঁতৰ কৰিব, তাৰ পিচত আৰতি সম্পন্ন কৰা হ'ব ।
প্ৰধানমন্ত্ৰীয়ে প্ৰথম দৰ্শন কৰাৰ পিচতেই, অন্য ভক্তসকলে দুপৰীয়া প্ৰায় 1.00 বজাৰ পৰ ভগৱান ৰামৰ দৰ্শনৰ অনুমতি লাভ কৰিব ৷
প্ৰধানমন্ত্ৰী মোদীয়ে দুপৰীয়া 1 বজাত অযোধ্যাত এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া 2.15 বজাত কুবেৰ তিলাৰ শিৱ মন্দিৰ দৰ্শন কৰি উপাসনা কৰিব।
প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত প্ৰায় ৪ ঘণ্টা থাকিব
দৰ্শন আৰু আৰতিৰ সময়: 23 জানুৱাৰীৰ পৰা ৰাম মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি হ'ব, দৰ্শনৰ সময় দুটা শ্লটত বিভক্ত কৰা হ'ব ৷