নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী :নিম্ন সদনক প্ৰতিনিধিত্ব কৰাৰ পিছত এইবাৰ দেশৰ উচ্চ সদনক প্ৰতিনিধিত্ব কৰিব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে । ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ছোনিয়া গান্ধী । ২০২৪ বৰ্ষৰ বাবে ৰাজস্থানত অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ ছোনিয়া গান্ধীৰ উপৰি বিজেপিৰ মদন ৰাথোড় আৰু চুন্নীলাল গাৰাছিয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমদিনা তেওঁলোকৰ কোনেও মনোনয়ন প্ৰত্যাহাৰ নকৰাত ৰাজ্যিক নিৰ্বাচন আয়োগে তিনিওগৰাকী প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ঘোষণা কৰে । আনহাতে, বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰ নেতাসকলৰ মাজত মিঠাই বিনিময়েৰে শুভেচ্ছা জনায় ।
উল্লেখ্য যে মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ পিছত নিৰ্বাচন আয়োগে তিনিওগৰাকী প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰি প্ৰমাণ-পত্ৰ প্ৰদান কৰে । বিজেপি প্ৰাৰ্থী মদন ৰাথোড় আৰু চুন্নীলাল গাৰাছিয়াই প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিবলৈ নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ নিজে আহে । আনহাতে, কংগ্ৰেছৰ ৰাজ্যিক দলৰ সভাপতি গোবিন্দ সিং দোতাচাৰাই ছোনিয়া গান্ধীৰ হৈ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে । ছোনিয়া গান্ধীয়ে ১৪ ফেব্ৰুৱাৰীত একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইফালে বিজেপিৰ মদন ৰাথোড় আৰু চুন্নীলাল গাৰাছিয়াই ১৫ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিল কৰে ।
উল্লেখ্য যে আসন তিনিখনৰ বাবে এই তিনিগৰাকী প্ৰাৰ্থীৰ বাহিৰে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাছিল । ফলত এই কথা আগতেই স্পষ্ট হৈছিল যে তিনিখন আসনতে প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰা হ'ব । আনহাতে, যদি চতুৰ্থগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'লহেঁতেন, তেন্তে ভোটদান প্ৰক্ৰিয়া ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'লহেঁতেন । কিন্তু মনোনয়ন দাখিলৰ অন্তিম সময়লৈকে মাত্ৰ তিনিগৰাকী প্ৰাৰ্থীয়েহে মনোনয়ন দাখিল কৰে । ইফালে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনলৈকে কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাত তিনিওগৰাকী প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ঘোষণা কৰা হয় ।