নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা দেওবাৰে ঝাৰখণ্ডৰ পাকুৰ হৈ ৰামগড় জিলাৰ গোলাত উপস্থিত হয় ৷ এই যাত্ৰাৰ সময়ত কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন স্থানত ৰাহুল গান্ধীক আদৰণি জনায় ৷ দেওবাৰে ৰামগড়ত উপস্থিত হোৱাৰ পিছতে জিলাখনৰ মগনপুৰৰ পৰা গোলা ডিভিচি চ’কত এখন মুকলি জীপত উঠি ৰাহুল গান্ধীয়ে ৰাইজক সম্বোধন কৰে ৷ এই সময়তে ৰাহুল গান্ধীৰ ভাষণ শুনিবলৈ আৰু তেওঁক চাবলৈ বিপুল জনসমাগম হয় ৷
ইফালে ৰাহুল গান্ধীক আদৰিবলৈ প্ৰায় 4 ঘণ্টা ধৰি অপেক্ষা কৰিছিল কাৰ্যকৰ্তা সকলে ৷ ৰাহুল গান্ধীয়ে গোলাৰ ডিভিচি চ’ক পোৱাৰ লগে লগে তেওঁক চাবলৈ কাৰ্যকৰ্তা সকল তেওঁৰ কাষ চাপি আহে ৷ ভাষণত ৰাহুল গান্ধীয়ে কয় যে আজি সমগ্ৰ দেশতে ঘৃণাৰ ৰাজনীতি চলিছে ৷
কংগ্ৰেছ নেতাজনে কয় যে তেওঁ সাধাৰণ জনতাক ন্যায় প্ৰদানৰ বাবে আগবাঢ়িছে ৷ যোৱা বছৰ তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা আৰম্ভ কৰিছিল ৷ এই সময়ছোৱাত তেওঁ চাৰি হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল ৷ এই যাত্ৰাৰ উদ্দেশ্য আছিল ভাৰতক একত্ৰিত কৰা ৷ আৰ এছ এছ আৰু বিজেপিয়ে দেশত বিয়পাই দিয়া ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে যাত্ৰা কৰা হৈছিল আৰু যাত্ৰাৰ ফলাফল অতি ভাল আছিল বুলি কয় তেওঁ ৷ তেওঁ কয় যে, দেশবাসীয়ে গম পালে যে দুটা মতাদৰ্শৰ মাজত সংঘাত চলি আছে, এটা মতাদৰ্শ ঘৃণা আৰু হিংসাৰ আৰু আনটো মতাদৰ্শ প্ৰেম, সন্মান আৰু মৰমৰ ৷
ৰাহুলে আৰু কয়, ‘‘এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দেশত কিয় ঘৃণা আৰু হিংসা বিয়পি পৰিছে ? ৰাহুলে কয় যে ইয়াৰ কাৰণ অন্যায়, বিজেপি চৰকাৰ আৰু আৰএছএছৰ মতাদৰ্শ, তেওঁলোকে কেৱল হিংসা আৰু ঘৃণা নহয়, দেশত অন্যায়ো বিয়পাইছে | দেশৰ সকলো সুবিধা, দেশৰ সকলো সম্পদ দেশৰ দুই-তিনিজন উদ্যোগপতিক দিয়া হৈছে ৷’’
ৰাহুল গান্ধীয়ে কয় যে, বিমানবন্দৰ হওক, বন্দৰ হওক, আন্তঃগাঁথনি হওক, কৃষকৰ মাটি হওক, নৰেন্দ্ৰ মোদীয়ে এই সকলোবোৰ বস্তু এজন ব্যক্তিৰ হাতত তুলি দিছে ৷ বিমুদ্ৰাকৰণ, জি এছ টি কাৰ্যকৰী হোৱাৰ লগতে দেশত ভয়াৱহ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে ৷ আজি এই দেশৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন নাপায় ৷ সকলো ক্ষুদ্ৰ উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ ইউনিট বিজেপিয়ে ধ্বংস কৰিছে ৷ ইয়াৰ এক অতি উত্তম উদাহৰণ বোকাৰোত য’ত স্থানীয় ৰাইজে যিমান চাকৰি পাব লাগে সিমান চাকৰি নাপায় ৷