অসম

assam

ETV Bharat / bharat

ছত্তীশগড়ত ভাৰত জোড়ো ন্যায় যাত্ৰা; ৰায়গড়ত প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

Congress Bharat Nyay Yatra : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ছত্তীশগড়ত উপস্থিত হৈছে । ৯ আৰু ১০ ফেব্ৰুৱাৰীত বিশ্ৰামৰ পিচত এই যাত্ৰা ১১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু অম্বিকাপুৰৰ কোৰবা হৈ বলৰামপুৰলৈ যাব ।

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:12 PM IST

Updated : Feb 8, 2024, 5:11 PM IST

ৰায়গড়ত প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ
ৰায়গড়ত প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বৰ্তমান ছত্তীশগড়ত উপস্থিত হৈছে । ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰা ওড়িশাৰ ঝাৰচুগুড়া হৈ ছত্তীশগড় সীমান্তৰ ৰায়গড় জিলাৰ ৰেঙ্গলপালিত উপস্থিত হয় । ৰেঙ্গলপালিত ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ পতাকা বিনিময় কৰা হয় । ওড়িশা কংগ্ৰেছৰ সভাপতি শৰত পাটনায়কে ছত্তীশগড় কংগ্ৰেছৰ সভাপতি দীপক বৈজক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পতাকা প্ৰদান কৰে । আন ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকলেও এই যাত্ৰাত যোগদান কৰিবলৈ আহিছে ।

আনহাতে, ৰায়গড়ত এই ন্যায় যাত্ৰাক লৈ কংগ্ৰেছ কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে । ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে ছত্তীশগড় কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত শচীন পাইলট, পিচিচি প্ৰধান দীপক বৈজ, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকে ধৰি বহুসংখ্যক কংগ্ৰেছ কৰ্মী ৰেঙ্গলপালিত উপস্থিত হয় । ৰেঙ্গলপালিত পতাকা উত্তোলনৰ পিছত ৰাহুল গান্ধীয়ে ৰাজহুৱা সভাত ভাষণ দিয়ে ।

ছত্তীশগড়ত উপস্থিত হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কয়, "যেতিয়া ভাৰত জোড়ো যাত্ৰা সমাপ্ত হৈছিল, মানুহে মোক কৈছিল যে আপুনি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছে, কিন্তু বাদ পৰা বাকী ৰাজ্যবোৰৰ কি হ'ব । আমি তেতিয়া মণিপুৰৰ পৰা এই ন্যায় যাত্ৰা আৰম্ভ কৰোঁ ।"

কংগ্ৰেছ নেতাজনে কয়, "বিজেপিৰ কাম কেৱল অন্যায়, হিংসা আৰু ঘৃণা বিয়পোৱা । দেশৰ মানুহৰ সৈতে অৰ্থনৈতিক অন্যায় আৰু সামাজিক অন্যায় হৈ আছে । ভাৰতৰ ডাঙৰ উদ্যোগপতিসকলে চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰে আৰু সেইবোৰ আপোনালোকক বিক্ৰী কৰে । ইয়াৰ ফলত চীন ধনী হয়, চীনৰ যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰে । মূল্যবৃদ্ধি হ'লে সমস্যা আপোনালোকৰে হয় । আদানি আৰু মোদীৰ এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই । অৰ্থাৎ আপোনালোকৰ প্ৰতি অৰ্থনৈতিক অন্যায় কৰা হৈছে, যিটো আপোনালোকে দেখা পোৱা নাই ।"

আনহাতে, প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, "মই যেতিয়া জাতিগত লোকপিয়ল আৰু সামাজিক ন্যায়ৰ কথা কৈছিলোঁ, তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল– দেশত মাত্ৰ দুটা জাতি আছে: ধনী আৰু দৰিদ্ৰ । যদি দুটা জাতিয়ে আছে, তেন্তে আপুনি কি ? আপুনি দৰিদ্ৰ নহয় ! আপুনি কোটি টকাৰ শ্বুট পিন্ধে । দিনত কেইবাবাৰো কাপোৰ সলনি কৰে । তাৰ পিছত মিছা কয় যে মই এজন অ'বিচি শ্ৰেণীৰ মানুহ ।"

তেওঁ লগতে কয়, "আদানিৰ কোম্পানীতো কোনো দৰিদ্ৰ, অ'বিচি, দলিত আৰু জনজাতীয় লোক নাই । যদি সেইটো পাওঁ, তেন্তে মই জাতিগত লোকপিয়ল নিবিচাৰিম । মোদীয়ে কৈছে যে কংগ্ৰেছ দলৰ এজন নেতাই জাতিগত লোকপিয়লৰ দাবী উত্থাপন কৰিছে । তেওঁ কয় যে যদি কৰ্প'ৰেটত অ'বিচি নাথাকিল কি হ'ল, দেশৰ প্ৰধানমন্ত্ৰীয়ে অ'বিচি । যেতিয়াৰ পৰা মই এই বিষয়টো উত্থাপন কৰিছোঁ, মোদীজীয়ে ক'বলৈ আৰম্ভ কৰিছে যে দেশত ধনী আৰু দৰিদ্ৰ জাতি আছে । যদি দেশত কেৱল ধনী আৰু দৰিদ্ৰ জাতি আছে তেন্তে মোদী কেনেকৈ অ'বিচি হ'ল ? জন্মগতভাৱে মোদীজী অ'বিচি নাছিল । তেওঁলোকৰ জাতি হৈছে মোদাঘাঞ্চি জাতি । 2000 চনত গুজৰাট চৰকাৰে তেওঁলোকক অ'বিচি বুলি ঘোষণা কৰে । মোদী ২০০০ চনৰ পিছতহে অ'বিচি হৈছে ।"

লগতে পঢ়ক :ইণ্ডি মিত্ৰজোঁটত ফাঁট ! অসমৰ ৩ লোকসভা আসনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

Last Updated : Feb 8, 2024, 5:11 PM IST

ABOUT THE AUTHOR

...view details