নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী: শেহতীয়াকৈ নতুন প্ৰজন্মৰ একাংশৰ মাজত যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে ৰীল আৰু প্ৰি ৱেডিং ফ’টোশ্বুটৰ ৷ একাংশই বিভিন্ন সামাজিক মাধ্যমত ৰীল বনাই জনপ্ৰিয় হোৱাৰ পথ বাচি লোৱাৰ লগতে বৰ্তমানৰ বিবাহ অনুষ্ঠানতো প্ৰায় অপৰিহাৰ্য হৈ পৰিছে প্ৰি ৱেডিং ফ’টোশ্বুট ৷ ৰীল বিশেষকৈ প্ৰি ৱেডিং ফ’টোশ্বুটৰ বাবে তেওঁলোকে বাচি লয় বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা স্থানৰ লগতে বিভিন্ন ঐতিহাসিক ঠাই ৷
কিন্তু এইবাৰ প্ৰি ৱেডিং ফ’টোশ্বুট আৰু ৰীল নিৰ্মাণত আৰোপ কৰা হৈছে নিষেধাজ্ঞা ৷ নিষিদ্ধ কৰা হ’ল প্ৰি ৱেডিং ফ’টোশ্বুট আৰু ৰিল নিৰ্মাণ ৷ নিষেধাজ্ঞা অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী প্ৰশাসনৰ ৷
বিবাহৰ পূৰ্বৰ শ্বুটিঙৰ ভাইৰেল ভিডিঅ’ই শিৰোমণি গুৰুদ্বাৰা কমিটীৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে ৷ হেৰিটেজ ষ্ট্ৰীটত ভিডিঅ’ শ্বুট কৰিলে ভক্তসকলৰ আৱেগক আঘাত কৰা বুলিও সমিতিখনে জানিবলৈ দিয়ে ৷ শিৰোমণি গুৰুদ্বাৰা কমিটিৰ আপত্তি লক্ষ্য কৰি আৰক্ষীয়ে হেৰিটেজ ষ্ট্ৰীটত বিয়াৰ পূৰ্বৰ ভিডিঅ’ ৰেকৰ্ডিং বা ৰীল বনোৱাত নিষেধাজ্ঞা আৰোপ কৰে ৷
শেহতীয়াকৈ হেৰিটেজ ষ্ট্ৰীট বিয়াৰ পূৰ্বৰ শ্বুট ৰেকৰ্ডিং বা ৰীল বনোৱাৰ জনপ্ৰিয় স্থান হিচাপে পৰিগণিত হোৱাৰ পিছতে চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ভক্ত আৰু শিৰোমণি গুৰুদ্বাৰা সমিতিৰ প্ৰতিবাদৰ পিছত আৰক্ষীয়ে হেৰিটেজ ষ্ট্ৰীটত ফটোগ্ৰাফী, ভিডিঅ’গ্ৰাফী আৰু এনেধৰণৰ কাম-কাজ নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে ৷