অসম

assam

ETV Bharat / bharat

সংবিধানৰ প্ৰতিলিপি হাতত লৈ সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে - PRIYANKA GANDHI TAKES OATH

ৱায়নাড় সমষ্টিৰ পৰা জয়লাভ কৰা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বৃহস্পতিবাৰে সাংসদ হিচাপে শপতগ্ৰহণ কৰে । কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদ ৰবীন্দ্ৰ বসন্তৰাও চাৱনেও শপতগ্ৰহণ কৰে ।

Priyanka Gandhi
সংবিধানৰ প্ৰতিলিপি হাতত লৈ প্ৰিয়ংকা গান্ধীৰ শপতগ্ৰহণ (ANI)

By ANI

Published : Nov 28, 2024, 12:53 PM IST

নতুন দিল্লী :লোকসভা সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে ৱায়নাড়ৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই । হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে । প্ৰিয়ংকা গান্ধীৰ শপতগ্ৰহণৰ সময়ত সংসদত তেওঁৰ মাতৃ ছোনিয়া গান্ধী, ভাতৃ ৰাহুল গান্ধী আৰু দুই সন্তান ক্ৰমে ৰেহান ৱাদ্ৰাই আৰু মিৰায়া ৱাদ্ৰাইও উপস্থিত থাকে । ইফালে শপতগ্ৰহণৰ পূৰ্বে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাইই কয় যে তেওঁ অত্যন্ত সুখী ।

প্ৰিয়ংকা গান্ধীৰ বিজয়ত সন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ

বিৰোধী দল কংগ্ৰেছো শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট । শপতগ্ৰহণৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ কে সুৰেশে কয় যে তেওঁলোকে ৱায়ানাড়ৰ ভূমিস্খলনৰ ঘটনা সম্পৰ্কে প্ৰিয়ংকা গান্ধীৰ সৈতে বিতং আলোচনা কৰিব । তেওঁ কয়, "বিৰোধী দল আজি অত্যন্ত সুখী কাৰণ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড় সমষ্টিৰ পৰা সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে...ৱায়ানাড় ভূমিস্খলনৰ ঘটনা সম্পৰ্কে আমি প্ৰিয়ংকা গান্ধীৰ সৈতে বিতং আলোচনা কৰিম । এতিয়ালৈকে ভাৰত চৰকাৰে ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ বাবে পুঁজিৰ পৰিমাণ মঞ্জুৰ কৰা নাই । ৰাজ্য চৰকাৰেও ইয়াৰ ওপৰত এক বিতং প্ৰস্তাৱ দাখিল কৰিছে ।"

প্ৰিয়ংকা গান্ধীয়ে নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (চিপিআই) সত্যেন মোকেৰীক পৰাস্ত কৰি ৪,১০,৯৩১ টা ভোটৰ ব্যৱধানত ৱায়ানাড় লোকসভা আসনত জয়ী হৈছিল । কংগ্ৰেছৰ দুৰ্গ ৱায়ানাড়ত প্ৰিয়ংকা গান্ধী, বিজেপিৰ নব্যা হৰিদাস আৰু চিপিআইৰ সত্যেন মোকেৰীৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল । অৱশ্যে ভোটগণনাৰ প্ৰথম পৰ্যায়ৰ পৰাই প্ৰিয়ংকা গান্ধীয়ে অগ্ৰগতি লাভ কৰিছিল ।

শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে (ani)

ৰবীন্দ্ৰ বসন্তৰাও চাৱনৰ শপতগ্ৰহণ

প্ৰিয়ংকা গান্ধীৰ লগতে কংগ্ৰেছ নেতা ৰবীন্দ্ৰ বসন্তৰাও চাৱনেও লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰে । লোকসভাৰ উপ-নিৰ্বাচনত নান্দেড় লোকসভা আসনত জয় লাভ কৰে ৰবীন্দ্ৰ বসন্তৰাও চাৱনে ।

লগতে পঢ়ক :একনাথ সিন্দেৰ মুখ্যমন্ত্ৰী পদ ত্যাগৰ ইংগিত, মোদী-শ্বাহক সম্পূৰ্ণ সমৰ্থন কৰিব শিৱসেনাই

ABOUT THE AUTHOR

...view details