নেশ্যনেল ডেস্ক, 6 জুন :দাৰিদ্ৰতাই কি কৰিব নোৱাৰে ? নিজৰ দৰিদ্ৰ পৰিয়ালক অলপ সকাহ দিয়াৰ উদ্দেশ্যেৰে এগৰাকী কিশোৰীয়ে এটা ইটাভাটাত কাম কৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ৷ গাঁৱৰে এজন লোকে আহি কিশোৰীগৰাকীক ইটাভাটাত কাম কৰিবলৈ যোৱাৰ প্ৰস্তাৱটো আগবঢ়াইছিল ৷ কিন্তু সেয়াই কিশোৰীগৰাকীৰ জীৱনৰ সবাটোকৈ ভুল সিদ্ধান্তলৈ পৰিণত হ’ল ৷ কাম কৰিবলৈ যোৱাৰ প্ৰায় 8 মাহৰ পিচত কিশোৰীগৰাকীৰ নিঠৰ দেহহে ঘৰলৈ উভতে ৷
ঘটনাৰ সবিশেষ...
ঝাৰখণ্ডৰ পালামু জিলাৰ এগৰাকী কিশোৰীয়ে বিধৱা মাতৃৰ সৈতে বাস কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে দ্বিতীয় বিবাহৰ সিদ্ধান্ত লয় ৷ তাৰ পিচতে এদিন গাঁৱৰ এজন লোকে কিশোৰীগৰাকীক বিহাৰৰ ছাছাৰামত এটা ইটাভাটাত কাম কৰিবলৈ প্ৰস্তাৱ দিলে ৷ কিশোৰীগৰাকীয়েও ধন ঘটিলে ঘৰখনৰ সকাহ হ’ব বুলি এই কথাত হয়ভৰ দিয়ে ৷ তাৰ পিচতে কিশোৰীগৰাকী ছাছাৰামলৈ কাম কৰিবলৈ যায় ৷
তাৰ পিচতে 13 বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে মৃতদেহো সমাধিস্থ কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হয় । কিশোৰীগৰাকীক বিহাৰৰ ছাছাৰাম অঞ্চলত ধৰ্ষণ কৰি হত্যা কৰাৰ পিচত অভিযুক্তই পালামুৰ ৰামগড়ত ভুক্তভোগীৰ মৃতদেহ সমাধিস্থ কৰে বুলি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷ কিশোৰীগৰাকীৰ মাতৃয়ে এই অভিযোগ উত্থাপন কৰাৰ পিচতেই আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উলিয়াই বিহাৰৰ ছাছাৰামৰ এটা মানৱ সৰবৰাহকাৰী ঠিকাদাৰ আৰু এটা ইটাভাটাৰ মালিকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে । পালামু আৰক্ষীৰ এটা দলে অভিযুক্ত ইটাভাটাৰ মালিক আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ বিহাৰৰ ছাছাৰামলৈ ৰাওনা হৈছে ৷
8 মাহৰ পূৰ্বে মানৱ সৰবৰাহৰ কবলত পৰিছিল কিশোৰীগৰাকী :