নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ :অৱশেষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেলেংগানাৰ ৰাজ্যপাল তথা পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ কৰে । আনহাতে ৰাষ্ট্ৰপতি মুৰ্মুয়ে তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যভাৰ অস্থায়ীভাৱে ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক প্ৰদান কৰে ৷
এই দায়িত্ব লাভ কৰি আনন্দিত ৰাজ্যপাল ৰাধাকৃষ্ণন । তেওঁ এক্সৰ এটা পোষ্টত লিখিছে যে তেওঁ তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে সেৱা আগবঢ়োৱাৰ অতিৰিক্ত দায়িত্ব লাভ কৰি ধন্য । ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো মাতৃভূমিৰ সেৱা কৰাৰ বাবে তেওঁ এই অতিৰিক্ত দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
তামিলনাডুৰ পৰা আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনাৰ খবৰৰ মাজতে সুন্দৰৰাজনে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল । সুন্দৰৰাজনে ২০১৯ চনৰ নৱেম্বৰত তেলেংগানাৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল আৰু পিচত পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰিছিল ।