পেঞ্চ (মধ্য প্ৰদেশ):মৃত্যুলৈ ভয় সকলোৰে থাকে । সেয়া লাগিলে মানুহেই হওঁক বা আন জীৱ-জন্তুৱেই হওঁক । মানুহে কেৱল মৃত্যুৰ প্ৰতি থকা ভয় প্ৰকাশ কৰিব পাৰে কিন্তু জীৱ-জন্তুৰ আচৰণত সেই কথা জানিব পাৰি । যেতিয়া সন্মুখত মৃত্যু থাকে তেতিয়া সকলোৱে মৃত্যু জয় কৰাৰ প্ৰয়াস কৰে । সেই সময়ত সকলোৰে হয়তো এটাই চিন্তা হয় কেনেকৈ মৃত্যুক জয় কৰিব পাৰি ! ভোক-পিঁয়াহ, লোভ, মোহ আদি সকলো পাহৰি কেৱল মৃত্যু জয়ৰে প্ৰাৰ্থনা কৰে সকলোৱে ! সম্ভৱত তেনে এক দৃশ্যই দেখা গ'ল মধ্য প্ৰদেশৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভত ।
কুঁৱাত আবদ্ধ বাঘ আৰু বনগাহৰি
মধ্য প্ৰদেশৰ পেঞ্চ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ এটা কুঁৱাত আবদ্ধ হৈ পৰিছিল এজনী বাঘিনী আৰু এটা বনৰীয়া গাহৰি । নিশা কুঁৱাতে আবদ্ধ হৈ থাকিল বাঘিনী আৰু গাহৰিটো । সম্ভৱতঃ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাঘিনীজনীয়ে গাহৰিটো চিকাৰ কৰিবলৈ খেদি গৈছিল আৰু সেই সময়তে চিকাৰী আৰু চিকাৰ দুয়ো কুঁৱাত পৰে । কিন্তু আচৰিত কথাটো হ'ল যে পানীত পৰাৰ পিছত এবাৰলৈও বাঘিনীজনীয়ে গাহৰিটোক আক্ৰমণৰ চেষ্টা নকৰিলে আৰু গাহৰিটোও বাঘিনীজনীৰ প্ৰতি ভয় পাহৰি কেৱল মৃত্যু জয়ৰ চেষ্টা চলাই থাকিল । এই দৃশ্যই সকলোৰে হৃদয় চুই গৈছে । অৱশ্যে পৰৱৰ্তী সময়ত কুঁৱাটোৰ পৰা বাঘিনী আৰু গাহৰিটোক বন বিভাগৰ উদ্ধাৰকাৰী দলে অতি কৌশলেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
পেঞ্চ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অফিচিয়েল Xৰ একাউণ্টত শ্বেয়াৰ কৰি লিখিছে, "ৰিজাৰ্ভৰ ওচৰৰ পিপাৰিয়া গাঁৱত দুৰ্ঘটনাক্ৰমে এটা বাঘ আৰু এটা বনগাহৰি কুঁৱাত বাগৰি পৰে । পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ উদ্ধাৰকাৰী দলৰ দ্ৰুত পদক্ষেপৰ বাবে ধন্যবাদ, বাঘ আৰু গাহৰিটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় ৷ বিশেষজ্ঞৰ সমন্বয় আৰু চেষ্টাৰ ফলত দুয়োটা জন্তুকে সুস্থভাৱে উদ্ধাৰ কৰা হয় ।"
উদ্ধাৰ অভিযান
জানিব পৰা মতে চাৰিঘণ্টা ধৰি এই উদ্ধাৰ অভিযান চলিছিল । য'ত ৬০ জনৰো অধিক উদ্ধাৰকাৰী লোক জড়িত আছিল । প্ৰথমে এটা হাইড্ৰ'লিক যন্ত্ৰ ব্যৱহাৰ কৰি কুঁৱাটোত এখন খাট নমাই দিয়া হৈছিল য'ত জন্তুকেইটাই অৱস্থান কৰিছিল । তাৰ পিছত এটা পিঞ্জৰা নমাই দিয়া হয় । বাঘিনীজনীয়ে সাৱধানেৰে পিঞ্জৰাটোৰ ওচৰলৈ যায় আৰু বনৰীয়া গাহৰিটো পিছত খাটত অৱস্থান কৰে । তেনেদৰেই কুঁৱাৰ পৰা বাঘিনী আৰু গাহৰিটো উদ্ধাৰ কৰা হয় । পেঞ্চ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উপ-সঞ্চালক ৰজনীশ কুমাৰ সিঙে কয়, "বাঘটোৱে নিশ্চয় চিকাৰৰ বাবে বনৰীয়া গাহৰিটোক খেদি গৈছিল, যাৰ ফলত এই ঘটনা সংঘটিত হৈছিল । যিহেতু বনৰীয়া গাহৰিবোৰৰ চিধা-চিধি দৌৰাৰ অভ্যাস আছে, তেওঁলোকৰ সন্মুখত যিয়েই নহওঁক কিয়, তেওঁলোক ৰৈ নাযায় । এইক্ষেত্ৰতো নিশ্চয় তেনেকুৱাই হৈছিল ।"
সিঙে কয় যে মধ্য প্ৰদেশৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকে সাগৰ জিলাৰ বীৰাঙ্গনা দুৰ্গাৱতী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত নাউৰাদেহী বন্যপ্ৰাণী অভয়াৰণ্যত বাঘিনীজনী মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে উদ্ধাৰকাৰী দলটোক অভিনন্দন জনাই ভাৰতীয় বন সেৱাৰ বিষয়া পৱন কুমাৰে Xত লিখিছে, "যেতিয়া পেঞ্চ ৰিজাৰ্ভৰ এটা কুঁৱাত এটা বাঘ আৰু বনগাহৰি পৰিছিল তেতিয়া দুয়োটাকে শান্ত কৰি ৰাখি উদ্ধাৰকাৰীসকলে কামটো কৰিছিল ।" ইফালে উদ্ধাৰ অভিযানৰ ভিডিঅ'টোৱে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উদ্ধাৰকাৰী দলে যিধৰণে দুয়োটা জন্তুকে উদ্ধাৰ কৰিছিল তাৰ বাবে সকলোৱে উদ্ধাৰকাৰী দলক প্ৰশংসা কৰিছে ।
সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া
এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "পেঞ্চ বন বিভাগৰ দ্ৰুত পদক্ষেপৰ দ্বাৰা মূল্যৱান জীৱন ৰক্ষা কৰাৰ বাবে ধন্যবাদ ।" আন এজনে লিখিছে, "চমৎকাৰী প্ৰচেষ্টা । দলটোক ধন্যবাদ।" আন এজনে লিখিছে, "ভাল লাগিছে । আটাইতকৈ ভাল কথাটো হ'ল জীৱনৰ গুৰুত্ব দুয়ো বুজিছে । দুয়ো বিপদত আছিল, সেয়েহে ইজনে সিজনক আক্ৰমণ কৰা নাছিল । দুয়োজনে তাৰ পৰা ওলাই আহিব বিচাৰিছিল আৰু জীয়াই থাকিব বিচাৰিছিল । প্ৰকৃতিৰ খেল ।"
লগতে পঢ়ক :অৰুণে আঁচল পাতি দিয়া অৰুণাচলৰ কেইখনমান মনোমোহা পৰ্যটনস্থলী - TOURIST DESTINATIONS OF ARUNACHAL