নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় 'পিএম বিশ্বকৰ্মা' শীৰ্ষক এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, অজিত পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে ।
পিএম বিশ্বকৰ্মা
পিএম বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় 'প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা' কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি এই অনুষ্ঠানটো সম্বোধন কৰাৰ কথা আছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ আৰু ঋণ বিতৰণ কৰিব ।
শিল্পীসকলক আগবঢ়োৱা প্ৰকৃত সমৰ্থনৰ প্ৰতীক স্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত ১৮ টা ব্যৱসায়ৰ সৈতে জড়িত ১৮ গৰাকী হিতাধিকাৰীক ঋণ বিতৰণ কৰিব । ইফালে সমাজলৈ তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে এক বিশেষ ডাক টিকটো মুকলি কৰিব ।
পিএম মিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত পিএম মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়নছ এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰিব । মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে (এমআইডিচি) ৰাজ্যিক সংস্থাৰ সহযোগত ১০০০ একৰ ভূমিত উদ্যানখন নিৰ্মাণ কৰিব ।