নিউজ ডেস্ক, 22 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ৷ ‘অৰ্ডাৰ অব্ দ্য ড্ৰুক গিয়ালপো’ সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰৰ শীৰ্ষ নেতাৰূপে চিহ্নিত হৈছে মোদী ৷ ভাৰত-ভূটানৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত অনবদ্য বৰঙণি আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে ৷ ভূটান আৰু দেশখনৰ নাগৰিকৰ প্ৰতি তেওঁৰ অবদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অৰ্পন কৰা হৈছে এই সন্মান ৷
চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰি এই সন্মান লাভৰ কথা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা এই সন্মান ১৪০ কোটি ভাৰতীয়ক উৎসৰ্গা কৰা বুলি তেওঁ সদৰী কৰে এক্সৰ পোষ্টটোত ৷ উল্লেখ্য যে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে ।