নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰী : বৰ্তমান তামিলনাডু ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণৰ সময়তে বুধবাৰে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন তথা শিলান্যাস কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ১৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । আনহাতে, দেশৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ হিচাপে তেওঁ থুথুকুডিত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰ'জেন জলপথ জাহাজৰ শুভাৰম্ভ কৰে । এই জাহাজখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বহনক্ষম পৰিবহণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ।
উদ্বোধনী ভাষণৰ সময়ত মোদীয়ে ৰাজ্যখনৰ প্ৰগতিৰ প্ৰশংসা কৰে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে । তেওঁ তামিলনাডুত আধুনিক সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু বিভিন্ন প্ৰত্যাহ্বানৰ পিছতো উন্নয়নমূলক কাম অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰে ।
আনহাতে, শাসনাধিষ্ঠিত ডিএমকেৰ প্ৰসংগ উল্লেখ কৰি মোদীয়ে ৰাজ্যখনত কেন্দ্ৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি কয় যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৰা হস্তক্ষেপৰ সমালোচনা কৰে । তেওঁ উল্লেখ কৰে যে আৰম্ভ কৰা প্ৰকল্পসমূহ স্থানীয় জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আৰু এই দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ।