নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ঊৰ্ধ্বমুখী গতিপথ অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । এক টেলিফোনিক বাৰ্তালাপৰ সময়ত দুয়োৱে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ বিষয়ে কথা পাতে ।
টেলিফোনিক আলোচনাৰ পিছত মোদীয়ে কয় যে দুয়োপক্ষই পাৰস্পৰিকভাৱে লাভজনক আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ । X পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "মোৰ মৰমৰ বন্ধু তথা ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে পোটাছত কথা পাতি আনন্দিত হৈছোঁ । তেওঁৰ ঐতিহাসিক দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ ।"
"আমি পাৰস্পৰিকভাৱে লাভজনক আৰু এক বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । আমি আমাৰ জনসাধাৰণৰ কল্যাণ আৰু বিশ্বশান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰিম ।" প্ৰধানমন্ত্ৰীয়ে কয় ।
প্ৰধানমন্ত্ৰীৰ পোষ্টটোৰ পিছত হোৱাইট হাউছৰ তৰফৰ পৰাও এক বিবৃতি জাৰি কৰা হয় । বিবৃতিটোত এই টেলিফোনিক বাৰ্তালাপক 'গঠনমূলক' বুলি অভিহিত কৰি কয় যে ট্ৰাম্পে এক 'নিৰপেক্ষ' দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক আৰু ভাৰত-আমেৰিকাৰ গভীৰ সহযোগিতা বিচাৰিছে ।
হোৱাইট হাউছৰ বিবৃতিটোত লগতে কোৱা হৈছে যে দুয়োগৰাকী নেতাই মোদীৰ আগন্তুক আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰে । "আজি ৰাষ্ট্ৰপতি ড'নাল্ড জে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গঠনমূলক টোলিফোনিক বাৰ্তালাপ কৰে । দুয়োগৰাকী নেতাই দুয়োখন দেশৰ সহযোগিতা সম্প্ৰসাৰণ আৰু গভীৰ কৰাৰ বিষয়ে আলোচনা কৰে ।" হোৱাইট হাউছে লগতে কয় ।
তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, মধ্যপ্ৰাচ্য আৰু ইউৰোপত নিৰাপত্তাকে ধৰি বিভিন্ন আঞ্চলিক বিষয়ৰ ওপৰতো আলোচনা কৰে । "ৰাষ্ট্ৰপতিয়ে আমেৰিকাত নিৰ্মিত নিৰাপত্তা সঁজুলি ক্ৰয় বৃদ্ধি কৰা আৰু এক নিৰপেক্ষ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ দিশত ভাৰতে আগবাঢ়ি যোৱাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।" বিবৃতিটোত কোৱা হৈছে ।