প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ - Mann Ki Baat
Mann Ki Baat : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে 'মন কি বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । অনুষ্ঠানত তেওঁ শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ কথা উল্লেখ কৰে । দেশবাসীক এই মৈদাম ভ্ৰমণৰ আহ্বান ।
প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ (ANI)
নেশ্যনেল ডেস্ক,২৮ জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কি বাতৰ ১১২ সংখ্যক খণ্ডত অসমৰ আহোম ৰাজবংশৰ স্মৃতি বিজড়িত চৰাইদেউ মৈদামৰ ওপৰত আলোকপাত কৰে ।
চৰাইদেউ মৈদাম সন্দৰ্ভত প্ৰধানমন্ত্ৰী :
২০২৪ চনৰ ২১ ৰ পৰা ৩১ জুলাইলৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা ৪৬ সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকত সাংস্কৃতিক সম্পত্তিৰ শ্ৰেণীৰ অধীনত আহোম ৰাজবংশৰ সমাধিস্থলী চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় । ইউনেস্কোৰ দ্বাৰা তালিকাভুক্ত এই চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ নম্বৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ।
'মন কি বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অসমৰ চৰাইদেউ মৈদামক অন্তৰ্ভুক্ত কৰা হৈছে । এইটো ভাৰতৰ ৪৩ নম্বৰ স্থান হ'ব কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম স্থান । চৰাইদেউৰ অৰ্থ হৈছে 'পাহাৰৰ ওপৰত এখন জিলিকি থকা চহৰ'। এইখন আছিল আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী । আহোম ৰাজবংশৰ লোকসকলে পৰম্পৰাগতভাৱে তেওঁলোকৰ পূৰ্বপুৰুষৰ মৃতদেহ আৰু তেওঁলোকৰ মূল্যৱান সামগ্ৰী মৈদামত ৰাখিছিল ।"
প্ৰধানমন্ত্ৰীয়ে কয়, "মৈদাম হৈছে এক পাহাৰৰ দৰে অংশ যাক ওপৰত মাটিৰে আবৃত কৰা হয় আৰু তলত এক বা একাধিক কোঠা থাকে । এয়া হৈছে স্বৰ্গীয় ৰজা আৰু আহোম সাম্ৰাজ্যৰ বিশিষ্ট লোকসকলৰ প্ৰতি সন্মানৰ প্ৰতীক ।" প্ৰধানমন্ত্ৰীয়ে কয়,"এগৰাকী পূৰ্বপুৰুষৰ প্ৰতি সন্মান দেখুওৱাৰ এই পদ্ধতি অতি অনন্য । এই স্থানত সামূহিক উপাসনাও কৰা হৈছিল । ১৩ শতিকাৰ পৰা আৰম্ভ কৰি এই সাম্ৰাজ্য ১৯ শতিকাৰ আৰম্ভণিলৈকে চলিছিল । ইমান দীঘলীয়া সময়ৰ বাবে এক সাম্ৰাজ্য চলাই যোৱা এক বৃহৎ সফলতা । সম্ভৱতঃ আহোম ৰাজত্বৰ নীতি আৰু বিশ্বাস ইমানেই শক্তিশালী আছিল যে ই এই ৰাজবংশক ইমান দিন বৰ্তি ৰাখিছিল ।"