নেশ্যনেল ডেস্ক, ১০ জুন :উত্তৰাখণ্ডৰ নৈনিতালত এটাৰ পিচত আন এটা ভয়ংকৰ দুৰ্ঘটনা । দেওবাৰ নিশা পুনৰ দ’ খাৱৈত বাগৰি পৰিল এখন পিকআপ বাহন । নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন প্ৰায় ১০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে । এই দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় । আনহাতে ১৩ গৰাকী লোক আহত হয় ।
প্ৰায় ৪ দিন পূৰ্বে নৈনিতালৰ ওখালকান্দাত এখন পিকআপ বাহন দুৰ্ঘটনাত পতিত হৈছিল । য'ত ৭ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল । দেওবাৰে নিশা পুনৰ বেতালঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰতিঘাট-বেতালঘাট পথত এখন পিকআপ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে ।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আহতসকলক আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত উদ্ধাৰ কৰা হয় আৰু এখন ব্যক্তিগত বাহনত বেতালঘাট চিএইচচিলৈ লৈ প্ৰেৰণ কৰা হয় । নয়নিচাকৰ বাসিন্দা ৬৫ বছৰীয়া উম্মেদ সিঙৰ চিকিৎসালয়ত মৃত্যু হয় । পিকআপ বাহনখনত থকা ১৪ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল ।