পাটনা :জন সূৰজ পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ৰাজনীতিৰ "চাণক্য'ৰূপে পৰিচিত প্ৰশান্ত কিশোৰক পাটনা আৰক্ষীয়ে আটক কৰিছে । পাটনাৰ গান্ধী ময়দানৰ পৰা আটক কৰা হয় নেতাজনক । আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰশান্ত কিশোৰক আটক কৰে আৰু প্ৰাৰম্ভিক পৰ্যায়ত কোৱা হৈছে যে তেওঁক এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে । প্ৰশান্ত কিশোৰক গান্ধী ময়দানৰ পৰা এম্বুলেন্সেৰে লৈ যোৱা হয় । সেই সময়ছোৱাত প্ৰতিবাদস্থলীত যথেষ্ট হুলস্থূল পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষী আৰু প্ৰতিবাদকাৰী তথা প্ৰশান্ত কিশোৰৰ সমৰ্থকৰ মাজত হতাহতিও হয় ।
বলপূৰ্বকভাৱে প্ৰশান্ত কিশোৰক আটক কৰাৰ অভিযোগ
প্ৰশান্ত কিশোৰে বিহাৰ লোকসেৱা আয়োগ (বি পি এছ চি)ৰ প্ৰাৰ্থীসকলৰ সপক্ষে প্ৰতিবাদ কৰি আছিল । যোৱা ৫ দিন ধৰি প্ৰশান্ত কিশোৰে বিহাৰ লোকসেৱা আয়োগৰ ৭০ সংখ্যক পৰীক্ষা বাতিল কৰাৰ দাবীত অনশন কৰি আছিল । সোমবাৰে পুৱা প্ৰায় ৪ মান বজাত পাটনা আৰক্ষীৰ এটা দলে প্ৰশান্ত কিশোৰক আটক কৰাৰ উদ্দেশ্যে গান্ধী ময়দানত উপস্থিত হয় আৰু তেওঁক বলপূৰ্বকভাৱে লৈ যায় । সেই সময়ছোৱাত প্ৰায় ১০ খন আৰক্ষী থানাৰ আৰক্ষী গান্ধী ময়দানত উপস্থিত হৈছিল ।
প্ৰশান্ত কিশোৰৰ গালত পৰিল আৰক্ষীৰ চৰ
পাটনাত প্ৰচণ্ড শীতৰ মাজতে প্ৰশান্ত কিশোৰে বি পি এছ চি প্ৰাৰ্থীৰ সৈতে মুকলি আকাশৰ তলত নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি আছিল । আৰক্ষীৰ দলটোৱে প্ৰশান্ত কিশোৰক আটক কৰাৰ উদ্দেশ্যে তাত উপস্থিত হয় । সেই সময়ত প্ৰশান্ত কিশোৰৰ সমৰ্থকসকলেও প্ৰতিবাদ কৰি আছিল । সমৰ্থকসকলে অভিযোগ কৰা মতে এই সময়ছোৱাত এজন আৰক্ষী বিষয়াই প্ৰশান্ত কিশোৰক চৰো সোধাইছিল ।