দাৰ্জিলিং: বৰদিনৰ দিনা পৰ্যটকৰ বাবে দাৰ্জিলিং চিৰিয়াখানাই কঢ়িয়াই আনিলে এক ডাঙৰ উপহাৰ । দাৰ্জিলিঙৰ পদ্মজা নাইডু হিমালয়ান প্ৰাণীবিজ্ঞান উদ্যানত বৰদিনৰ দিনা নেদাৰলেণ্ডৰ এযোৰ নতুন অতিথিক আদৰণি জনোৱা হয় । এই নতুন অতিথিহাল হৈছে ৰেড পাণ্ডা দম্পতী । এটাৰ নাম বিশাল আৰু আনটোৰ কোশী । এশ বছৰতকৈও অধিক সময়ৰ পাছত বিদেশী চিৰিয়াখানাৰ পৰা ভাৰতলৈ অনা হৈছে ৰঙা পাণ্ডা ।
নেদাৰলেণ্ডৰ ৰটাৰডেম চিৰিয়াখানাৰ পৰা অনা এই ৰঙা পাণ্ডা দুটা বৰদিনৰ পুৱা আহি পালে দাৰ্জিলিং চিৰিয়াখানাত ৷ ডেৰ-দুবছৰ বয়সৰ এই পাণ্ডাহালক প্ৰথমে বিমানেৰে আৰু তাৰ পিছত পথেৰে ২৭ ঘণ্টাৰো অধিক সময় যাত্ৰা কৰি লৈ অনা হৈছিল দাৰ্জিলিঙলৈ । বিশেষজ্ঞ আৰু চিকিৎসকৰ তত্বাৱধানত পাণ্ডা যুটিটোক অনা হয় । সম্প্ৰতি ৰঙা পাণ্ডা দুটাৰ অৱস্থা সুস্থিৰ বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ অহা এমাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব ৰঙা পাণ্ডা দম্পতীটোক । ইয়াৰ পিছত চিৰিয়াখানাত আন ৰঙা পাণ্ডাৰ সৈতে প্ৰজননৰ বাবে মুকলি কৰা হ’ব । বৰ্তমান দাৰ্জিলিং চিৰিয়াখানাত ৰঙা পাণ্ডাৰ সংখ্যা ২১টালৈ বৃদ্ধি পাইছে ।
ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সদস্য সচিব সৌৰভ চৌধুৰীয়ে কয়, "দাৰ্জিলিং চিৰিয়াখানাৰ ৰঙা পাণ্ডা সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বতে এক নজিৰ গঢ়ি তুলিছে । অতীতৰ ট্ৰেক ৰেকৰ্ডৰ প্ৰতি লক্ষ্য ৰাখি আমাক নেদাৰলেণ্ডৰ চিৰিয়াখানা কৰ্তৃপক্ষই ৰঙা পাণ্ডা প্ৰজননৰ দায়িত্ব অৰ্পণ কৰিছে । এক দশকৰো অধিক সময়ৰ পাছত বহিঃৰাষ্ট্ৰৰ পৰা ৰঙা পাণ্ডা ভাৰতীয় চিৰিয়াখানালৈ অনা হৈছে ।"
দাৰ্জিলিং চিৰিয়াখানাৰ সঞ্চালক বাসব্ৰজ হোলেয়াচিয়ে কয়, "ৰঙা পাণ্ডাহাল বহু দূৰ যাত্ৰাৰ অন্তত আহি পাইছে । প্ৰায় এমাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ'ব । আমাৰ চিকিৎসক আৰু বিশেষজ্ঞসকলে তেওঁলোকৰ ওপৰত চকু ৰাখিব । দুয়োটা পাণ্ডা বৰ্তমান সুস্থ ।"